গাইডেন্স জুনিয়ৰ কলেজে এমাহৰ মাচুল ৰেহাই দিছে

0 214

হোজাই জিলাৰ মোৰাঝাৰৰ গাইডেন্স ৱেল ফেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত গাইডেন্স জুনিয়ৰ কলেজে লক ডাউনৰ ফলত দেশৰ এই জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীৰ এমাহৰ মাচুল ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে খনৰ অধ্যক্ষ ছাদিকুজ জামান আৰু সঞ্চালক নুৰ আহমেদে।
 
লগতে প্ৰতিখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আগবাঢ়ি আহি অভিভাৱকক কিছু সকাহ দিয়াৰ আহব্বান জনায়। উল্লেখ যোগ্য যে ২০১৪ চনত মোৰাঝাৰ বজাৰৰ মাজমজিয়াত স্থাপিত কলা শাখাৰ জুনিয়ৰ কলেজ খনৰ ট্ৰাষ্টৰ তথা অধ্যক্ষ ছাদিকুজ জামানে সামাজিক কাম কাজ কৰি আহিছে । লক ডাউনৰ সময়ত এনে মহান পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.