লক ডাউনৰ মাজতে গৰু বিহু উদযাপনৰ প্ৰস্তুতি

0 261

ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ বাবে সকলো ধৰণৰ সমাৱেশ নিষিদ্ধ কৰাত প্ৰথমবাৰৰ বাবে অসমত পালন কৰা নহ’ব প্ৰতিজন অসমীয়াৰে হেঁপাহৰ ৰঙালী বিহু অৰ্থাৎ ব’হাগ বিহু।
 
ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা সকলো বিহু উদযাপন সমিতিক সৰ্বাধিক পাঁচজনক সামাজিক দূৰত্ব মানিহে বিহুৰ পতাকা উত্তোলন কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ইফালে হেঁপাহৰ বিহুক পালন কৰিবলৈ নাপায় ৰাইজে কিছু অসন্তোষ কৰাত ক’ৰণা ভাইৰাছৰ দৰে ভয়াৱহ মহামাৰীক পৰাজিত কৰিবলৈ হ’লে ইয়াৰ বিকল্প নথকাত ৰাইজে ইয়াক সহজতে মানি লৈছে।
 
 
ইফালে সমুহীয়াভাৱে সামাজিক দূৰত্ব মানি চলিবলগীয়া হোৱা বাবে অহা ১৩এপ্ৰিলৰ পৰা ৰাজ্যজুৰি পালন কৰিবলগীয়া ৰঙালী বিহুৰ কাৰ্য্যসূচী বাতিল কৰা হ’লেও ৰাজ্যৰ কৃষক আৰু গো পালক সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ হ’লেও গৰু বিহু পালন কৰিবলৈ সাজু হৈছে।
 
গুৱাহাটী মহানগৰীৰ অন্যান্য প্ৰান্তৰ দৰে পশ্চিম প্ৰান্তৰ খনামুখ, ধাৰাপুৰকে ধৰি কাষৰীয়া অঞ্চলৰ কৃষকসকলে লকডাউন স্বত্বেও নিজা ঘৰত পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনা গৰুক দিবলৈ পঘা প্ৰস্তত কাৰ্য্যত ব্যস্ত হৈ আছে। অৱশ্যে গৰু বিহুলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত বজাৰ বন্ধ থকা বাবে কৃষক বা গো পালকসকলে গৰু বিহুত গৰুক ধুওৱা কাৰ্যত ব্যৱহৃত দীঘলতি, থেকেৰা টেঙা আদি যোগাৰ কৰিব পৰা নাই। হয়তো প্ৰথমবাৰৰ বাবে এইবোৰৰ অবিহনেই কৃষকসকলে এইবাৰ গৰু গা ধুৱাই পালন কৰিব  আমাৰ  হেঁপাহৰ গৰু বিহু তথা ৰঙালী বিহু।

Leave A Reply

Your email address will not be published.