চৰাইদেউৰ স্বাস্থ্য বিভাগৰ ভাল খবৰ: প্ৰথমগৰাকী যুটীয়া সঞ্চালক নিযুক্তি

0 268

দেশজুৰি ক’ভিড-১৯ ৰ আগ্ৰাসনৰ মাজতে চৰাইদেউ জিলালৈ আহিল এটা ভাল খবৰ। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা এক আদেশ যোগে ডাঃ নিজৰা দেৱীক চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ প্ৰথম গৰাকী যুটীয়া সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।
 
অন্য এক আদেশ অনুসৰি বৰ্তমান শিৱসাগৰত কৰ্মৰত ডাঃ হেমন্ত কুমাৰ বৰুৱাক চৰাইদেউ জিলাৰ দ্বিতীয়জন মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া হিচাপে নিযুক্তি দিছে। এই নিযুক্তিৰ জৰিয়তে চৰাইদেউ জিলা স্বাস্থ্য বিভাগে পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে ২০১৫ বৰ্ষতে চৰাইদেউ জিলা হিচাপে ঘোষণা কৰা হৈছিল যদিও জিলা পৰ্যায়ৰ বহু কেইটা বিভাগৰ কাৰ্যালয় শিৱসাগৰতে আছিল। ইয়াৰ ফলত চৰাইদেউ জিলাৰ কামকাজ সমূহ শিৱসাগৰ জিলা কাৰ্যালয়ৰ পৰা পৰিচালিত হৈছিল। ইফালে শেহতীয়াকৈ চৰাইদেউ জিলা স্বাস্থ্য বিভাগত যুটীয়া সঞ্চালক নিযুক্ত দিয়া কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে চৰাইদেউ জিলাবাসীয়ে।
খবৰ যুগুতালে অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.