পশ্চিম গুৱাহাটীৰ পৰিবেশ অনুকূল গাঁও হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁওত সামাজিক সংস্থা শ্ৰী সত্য সাই সেৱা সংগঠনে আজি খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ পৰিয়ালক চাউল, দালি, আলু, পিয়াজ , নিমখ , মিঠাতেল , চিৰা , বিস্কুট , দিয়াচলাইৰ উপৰি মুখত পৰিধান কৰাৰ বাবে চাৰিখনকৈ মাস্ক বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয় নৱজ্যোতি ক্লাবৰ সভাপতি দ্বীপেন ৰাভা , সম্পাদক মনোজ ৰাভাকে ধৰি কেবাজনো কৰ্মকর্তা , পৰ্যটনৰ উন্নয়নৰ হকে কাম কৰি অহা সংগঠন ” ৰংমন ট্যুৰিজিম চছাইটিৰ প্ৰমোদ কলিতা , কন্দৰ্প বড়ো , অসম পৰ্বতাৰোহী সংস্থাৰ মানস বৰুৱাকে ধৰি কেবাজনেও সহযোগিতা আগবঢ়ায় । উল্লেখযোগ্য যে ক’ভিডৰ প্ৰথম ঢৌৰ দৰে দ্বিতীয় ঢৌতো অতি সাৱধানতা অৱলম্বন কৰা বাবে এই পৰ্যন্ত অঞ্চলটোৰ কোনো লোক ক’ভিডত আক্ৰান্ত হোৱা নাই । আনহাতে বিগত ২০২০ বৰ্ষতো শ্ৰী সত্য সাই সেৱা সংগঠনে অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত খাদ্য সামগ্ৰীৰ উপৰিও মাস্ক , চেনিটাইজাৰ , ছাতি , আদিও বিতৰণ কৰিছিল ।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা