পশ্চিম গুৱাহাটীৰ পৰিবেশ অনুকূল গাঁও হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁওত সামাজিক সংস্থা শ্ৰী সত্য সাই সেৱা সংগঠনে আজি খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ পৰিয়ালক চাউল, দালি, আলু, পিয়াজ , নিমখ , মিঠাতেল , চিৰা , বিস্কুট , দিয়াচলাইৰ উপৰি মুখত পৰিধান কৰাৰ বাবে চাৰিখনকৈ মাস্ক বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয় নৱজ্যোতি ক্লাবৰ সভাপতি দ্বীপেন ৰাভা , সম্পাদক মনোজ ৰাভাকে ধৰি কেবাজনো কৰ্মকর্তা , পৰ্যটনৰ উন্নয়নৰ হকে কাম কৰি অহা সংগঠন ” ৰংমন ট্যুৰিজিম চছাইটিৰ প্ৰমোদ কলিতা , কন্দৰ্প বড়ো , অসম পৰ্বতাৰোহী সংস্থাৰ মানস বৰুৱাকে ধৰি কেবাজনেও সহযোগিতা আগবঢ়ায় । উল্লেখযোগ্য যে ক’ভিডৰ প্ৰথম ঢৌৰ দৰে দ্বিতীয় ঢৌতো অতি সাৱধানতা অৱলম্বন কৰা বাবে এই পৰ্যন্ত অঞ্চলটোৰ কোনো লোক ক’ভিডত আক্ৰান্ত হোৱা নাই । আনহাতে বিগত ২০২০ বৰ্ষতো শ্ৰী সত্য সাই সেৱা সংগঠনে অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত খাদ্য সামগ্ৰীৰ উপৰিও মাস্ক , চেনিটাইজাৰ , ছাতি , আদিও বিতৰণ কৰিছিল ।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান