ছেনিটাইজ কৰিব পৰা যন্ত্ৰ উদ্ভাৱন কৰি চৰ্চালৈ অহা যুৱকজনৰ কথাৰে

1 231

এগৰাকী যুৱ উদ্যমী।নাম অভিজিৎ দুৱৰা। ঘৰ শিৱসাগৰৰ ফুকন নগৰত। এই উদ্যমী যুৱকজনে ভি ফাইটাৰ নামৰ এটা যন্ত্ৰ উদ্ভাৱন কৰিছে।এই  যন্ত্ৰটোৰ জৰিয়তে আপোনা আপুনি ছেনিটাইজ হয়।
 
উল্লেখযোগ্য যে যন্ত্ৰটোৰ লগত তিনিটা যন্ত্ৰ সংলগ্ন হৈ আছে ।যাৰ জৰিয়তে জনবহুল অঞ্চলত সহজে জনসাধাৰণৰ শৰীৰৰ উষ্ণতাৰ জোখা, ভাইৰাছ নিষ্ক্ৰিয় কৰা আৰু ছেনিটাইজিং কৰাৰ ব্যৱস্থা সম্ভৱ হৈ উঠিছে ।
 
 
এই যন্ত্ৰটোৰ সন্মুখত থিয় হ’লে ব্যক্তিজনৰ শৰীৰৰ উষ্ণতা সম্পৰ্কে জানিব পৰা যায় । যদিহে কোনো ব্যক্তিৰ শৰীৰৰ উষ্ণতা স্বাভাৱিকতকৈ অতিৰিক্ত থাকে তেতিয়াহ’লে যন্ত্ৰটোৱে এক সাংকেতিক ধ্বনি প্ৰদান কৰিব। ইয়াৰ ফলত ব্যক্তিজনে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ নহয় বুলি বুজিব পৰা যাব।
 
 
ভাইৰাছ নিষ্ক্ৰিয়কাৰী যন্ত্ৰটোৱে ৪৫ডিগ্ৰীতকৈ অধিক উষ্ণতা প্ৰদান কৰে। এখন দুৱাৰৰ সদৃশ এই যন্ত্ৰটোৰ মাজেৰে পাৰ হৈ গ’লে শৰীৰত লাগি থকা সাম্ভাব্য  ভাইৰাছ নিষ্ক্ৰিয় হৈ পৰে।
অভিজিত উদ্ভাৱন কৰা তৃতীয় যন্ত্ৰটোৰ কাম হৈছে ছেনিটাইজিং কৰা। ইয়াৰ সন্মুখত থিয় হ’লেই কোনো ব্যক্তিক স্বতঃস্ফুৰ্তভাৱে ছেনিটাইজিং কৰি শৰীৰত লাগি থকা সাম্ভাৱ্য ভাইৰাছৰ পৰা মুক্ত হ’ব পাৰিব।
সম্প্ৰতি ক’ৰণাৰ আতংকৰ সময়ত উদ্ভাৱকগৰাকীৰ এই তিনিওটা যন্ত্ৰই বিশেষভাৱে চৰ্চা  পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে  ইতিপূৰ্বে এই ৩১বৰ্ষীয় যুৱকজনে উই ছেভ, ফীল এণ্ড ৱাক, কেপ লাইট, হেলমেট লক ছিষ্টেম, ই একুপইণ্টাৰ, ড’ৰ ছিকিউৰিটী ছিষ্টেম, হ’ম ছিকিউৰিটী ছিষ্টেম, টৰ্চ এণ্ড কেৰী আইটেম, ফিল্টাৰ এণ্ড ফুড ছেভাৰ, স্মল পকেট মাছাজাৰ, ই ঢেঁকী, ৱাটাৰ লেভেল ইণ্ডিকেটৰ, পকেট আইৰণ, মাল্টিপইণ্ট ইয়েৰ ফোন, মিক্সাৰ কংক্ৰিট চেণ্ট ক্লিনাৰ, স্বচ্ছ টয়লেট, চি এছ বি আদিকে ধৰি দুকুৰি পাঁচটাতকৈ অধিক যন্ত্ৰ উদ্ভাৱন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ বহুকেইটা যন্ত্ৰ উদ্ভাৱন কৰা যুৱকজনে উঠি অহা প্ৰজন্মক উদ্ভাৱনৰ শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে ।যুৱকজনৰ এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে ।

1 Comment
  1. তেখেতে উদ্ভাৱন কৰা যন্ত্ৰ মানৱ সমাজত বহুতো উপকাৰ সাধিব, তেখেতলৈ শুভকামনা জ্ঞাপন কৰিছো…

Leave A Reply

Your email address will not be published.