জনতা ভৱনত জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম, দিব্যাংগ, তৃতীয় লিংগৰ ব্যক্তিৰ সংগঠনৰ নেতৃত্বৰে বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 244

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ, বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ ব্যক্তিসকলৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে সংগঠনৰ প্ৰতিনিধিসকলৰ পৰা তেঁওলোকে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লৈ বিভাগীয় ভাৱে তেনে সমস্যসমূহ সমধান কৰিব পৰা যায় নেকি তাৰ বিষয়ে আলোচনা কৰে । জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হৈ অহা সমস্যসমূহৰ বিষয়ে জানিব পাৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত বিভাগীয় বিষয়াসকলৰ লগত তেঁওলোকৰ সমস্যাসমূহ সমাধানৰ বাবে লবলগা পদক্ষেপৰ ওপৰত আলোচনা কৰে । বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমত বয়োজ্যেষ্ঠ নাগৰিকৰ প্ৰতি বাকী নাগৰিকৰ দায়িত্ববোধৰ বিষয়ে সূচী অন্তৰ্ভুক্ত কৰাৰ ওপৰত আলোচনা কৰা হয় । আনহাতে বেংক অথবা অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সুকীয়া শাৰীৰ ব্যৱস্থা কৰাৰ ওপৰতো বিভাগীয় নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথা আজিৰ বৈঠকত চিন্তা কৰা হয়।

তৃতীয় লিংগৰ ব্যক্তিসকলৰ সমস্যাৰাজিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই সমস্যাৰ সমাধানৰ বাবেও বিভাগীয়ভাৱে কৰিব পৰা পদক্ষেপসমূহ হাতত লবলৈ বিভাগীয় প্ৰধান সচিবক নিৰ্দেশনা প্ৰদান কৰে । আজিৰ বৈঠকত ৰাজ্যখনৰ বিশেষভাৱে সক্ষম আৰু দিব্যাংগসকলক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংগঠনে চৰকাৰী চাকৰিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত তেঁওলোকে সন্মুখীন হৈ সমস্যাৰ কথা উল্লেখ কৰে । মন্ত্ৰী হাজৰীকাই সকলো বিভাগতে ইতিমধ্যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে থকা সংৰক্ষণক সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে । আনহাতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সন্মানীয় ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বিষয়ত চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে | আজিৰ বৈঠকতে কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে বিশেষভাৱে সক্ষম ব্যক্তিৰ চাকৰিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মেডিকেল ব’ৰ্ডক ভালদৰে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া আৰু ঘৰে ঘৰে চাৰ্ভে কৰি প্ৰকৃত বিশেষভাৱে সক্ষম ব্যক্তিৰ তালিকা প্ৰস্তুত কৰাৰ ওপৰতো গুৰুত্ব দিয়ে । আনহাতে মন্ত্ৰী হাজৰীকাই সকলো সংগঠনকে সমিল মিলেৰে কাম কৰি যাবলৈ আহ্বান জনাই উল্লেখ কৰে যে তেঁও দুই তিনিমাহৰ মূৰে মূৰে সকলো সংগঠনৰ প্ৰতিনিধিৰ সৈতে একেলগে বৈঠকত মিলিত হৈ তেঁওলোকৰ সমস্যাসমূহ বুজিবলৈ প্ৰয়াস কৰিব।

আজিৰ বৈঠকত মন্ত্ৰীগৰাকীৰ লগত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু কেইবাগৰাকীও বিভাগীয় বিষয়া উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.