জনস্বাস্থ্য কাৰিকৰী বিভাগ মন্ত্ৰীৰ জলজীৱন মিছনৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত

0 214

গ্ৰামীণ অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান সুনিশ্চিত কৰাৰ বাবে আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত জল জীৱন মিছন আঁচনিৰ ওপৰত এক ৰাজ্যিক পৰ্য্যায়ৰ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰ্তমান অসমত জলজীৱন মিছনৰ আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়া আৰু সকলো পৰ্যায়ৰ অভিযন্তাসকলৰ সৈতে বিতংভাৱে আলোচনা কৰে বিভাগীয় মন্ত্ৰী মল্লবৰুৱাই। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাৰ্যাত্মক ঘৰুৱা নল, প্ৰশাসনিক গ্ৰাহ্যতা, কাৰিকৰী প্ৰতিবন্ধ আদিৰ ওপৰত বিভাগৰ অভিযন্তা সকলৰ সৈতে বিশদ আলোচনা কৰে। বৈঠকত কাৰ্য আবণ্টন সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰাৰ লগতে আঁচনিসমূহ ৰূপায়ণ যাতে পলম নহয় সেই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে লগতে প্ৰতিটো ঘৰ, প্ৰতিখন বিদ্যালয় আৰু প্ৰতিটো অংগণবাদী কেন্দ্ৰ এই আঁচনি সাঙুৰি লবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লগতে এই আঁচনি ৰূপায়ণত বিভাগে সম্মুখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লৈ মন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই স্বপ্নৰ আঁচনিখন সফল ৰূপায়ণৰ বাবে স্বচ্ছ মানসিকতাৰে কাৰ্য্য কৰিবলৈ বিভাগীয় বিষয়াসকলক আহ্বান জনাই জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী মল্লবৰুৱাই কয় যে “কেৱল মাত্ৰ নলেৰে ঘৰে ঘৰে পানী উপলব্ধ কৰোৱাটোৱে আমাৰ উদ্দেশ্য হ’ব নালাগে। জনস্বাস্থ্যৰ খাতিৰত প্ৰতিঘৰলৈ বিশুদ্ধ আৰু স্বচ্ছ পানী উপলব্ধ কৰোৱাটো আমাৰ মূল লক্ষ্য হ’ব লাগে।” মন্ত্ৰী বৰুৱাই বৰ্তমান চলি থকা কাম সমূহৰ আৰু পাইপৰ মানদণ্ড পৰীক্ষণৰ লগতে নিৰ্দ্ধাৰিত সময়ত কাৰ্য সম্পন্ন কৰাৰ ক্ষেত্ৰত জোৰ দিয়ে। বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয় যে সামূহিক অংশীদাৰিত্ব অবিহনে বৃহৎ প্ৰকল্প সফল কৰাটো সম্ভৱপৰ নহয় সেয়ে মহিলা আত্মসহায়ক গোট আৰু ছাত্র সকলকো প্ৰকল্প সমূহৰ মানদণ্ড পৰীক্ষাৰ বাবে চামিল কৰা হ’ব। তেখেতে বিভাগীয় বিষয়াসকলক যিসমূহ ৰাজ্যত জল জীৱন মিছন আঁচনি ৰূপায়নত উন্নত ফলাফল কৰিছে সেই সমূহ ৰাজ্যৰ পৰা উন্নত প্ৰযুক্তিৰ জ্ঞান লোৱাৰ বাবেও আহ্বান জনায়। চৰকাৰৰ দ্বাৰা উপলব্ধ কৰোৱা বিশুদ্ধ খোৱাপানী সম্পৰ্কত জনসচেতনতা বৃদ্ধিৰ বাবে জনসচেতনতা অভিযান চলোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী বৰুৱাই জনাই যে জনস্বাস্থ্য বিভাগৰ সমস্যা সমূহ দূৰীকৰণৰ বাবে অভিযোগ গ্ৰহণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হব।

পৰ্য্যালোচনা বৈঠকত অতিৰিক্ত মুখ্য সচিব চিয়াদিন আব্বাচি, জলজীৱন মিছনৰ আয়ুক্ত সচিব আকাশ দ্বীপ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব বিশ্বদীপ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা দিপ্টেন্দু তালুকদাৰকে প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.