আজি কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ অধীনস্থ জাতীয় বিদ্যালয় জাৰপাৰাৰ একাদশ বাৰ্ষিক বঁটা বিতৰণী সভাৰ লগতে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায়।দিনৰ ভাগত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে হাতীপাৰা গাঁৱ পঞ্চায়তৰ সভাপতি মইনুল হকে।বিয়লি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মজিব আলীৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক দৰবেছ আলীয়ে।নীলিমা পাৰবিন, আচিকুল ইছলামৰ কোৰাণ পাঠেৰে আৰম্ভ কৰা সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কবি-সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয়-শিশু, কিশোৰক শৈশৱৰ পৰা যোগাত্মক চিন্তাৰ কথা ক’ব লাগে।শিশুয়ে প্ৰধান আদিপাঠ গ্ৰহণ কৰে। সেয়েহে ঘৰখনত ইতিবাচক চিন্তাৰ লগতে নৈতিকতাপূৰ্ণ কথাহে আলোচনা কৰিব লাগে।সভাত লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সভাপতি ছামছুল হক,সোণতলী সাহিত্য সভাৰ সভাপতি তথা কবি-লেখক ছামছুল আলম ভূঞাই বিশিষ্ট অতিথি হিচাপে অংশ লোৱা সভাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি কয়-শিশুৱে নিজে বিচৰা ধৰণে উৰিব দি,ইয়াৰ গতি, লক্ষ্য আৰু ভুলবোৰ আঙুলিয়াই সংশোধন কৰি দিব লাগে।সভাত বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল হামিদ,শিক্ষক ত্ৰিৰংগ শৰ্মা, ধীৰাজ কলিতা, নয়নমণি বৰা, আগগুমি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আজমল হক, জাৰপাৰা আঞ্চলিক ৰাইজ গয়ৰহৰ প্ৰাক্তন সভাপতি মহিমুদ্দিন আহমেদ,সমাজকৰ্মী ৰফিজ আলী, ৰাজু আহমেদ সম্মানিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত মৰিয়ম বেগম,চানিয়াৰা বেগে গজল, আৰজিনা বেগম, মহিন চুলতানা, জাব্বিৰ আলি, আতিফা আফৰিন, নিকুনুৰ ৰহমান,মাচুমা বেগম, মিনুৱাৰা বেগম, চানিয়াৰা বেগম, আচিক ৰহমান,অংকিতা গণি আদিয়ে অসমীয়া, ইংৰাজী কবিতা আবৃত্তি, বিষ্ণু ৰাভা নৃত্য, বাগানীয়া নৃত্য, দেশপ্ৰেমমূলক নৃত্য, অসমীয়া নৃত্য,হিন্দী নৃত্য আদি পৰিবেশন কৰে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা