জাতীয় চেতনা আৰু আঞ্চলিকতাবাদ সদায়ে উৰ্ধত:বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

0 294

জাতীয় চেতনা আৰু আঞ্চলিকতাবাদক সদায়ে উৰ্ধত ৰাখি অসমৰ জনসাধাৰণে আগবাঢ়িলে আমাৰ ৰাজ্যখনৰ অধিক উন্নতি ঘটিব।অসমক দেশৰ ভিতৰত উন্নত ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈ হ’লে আমাৰ জাতীয় চেতনা আৰু আঞ্চলিকতাবাদক প্ৰতিষ্ঠা কৰিব লাগিব বুলি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়। আজি পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰু কয় যে বিগত সময় চোৱাত পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে।অসমৰ অন্যান্য সমষ্টিৰ বিপৰীতে পশ্চিম গুৱাহাটী সমষ্টিৰ সমস্যা ভিন্ন।কিয়নো পশ্চিম গুৱাহাটী সমষ্টিটো গাঁও, মহানগৰ,পাহাৰ, ভৈয়াম অঞ্চলেই নহয় সমষ্টিটোত বিভিন্ন ধৰ্মালম্বী তথা বিভিন্ন জাতি উপজাতি,ভাষাৰ সংমিশ্ৰণ স্থলী।এনে অৱস্থাত সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ লগতে জনসাধাৰণৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ নহ’লে সেয়া সম্ভৱ হৈ নুঠে বুলি তেওঁ উল্লেখ কৰে।
অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাৰ সভাপতিত্বত আয়োজিত সভাখনৰ আৰম্ভণিতে অগপৰ কামৰূপ জিলা সমিতিৰ সম্পাদক পৰেশ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে।পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ৰবীন দৈমাৰীয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক গৰাকীক বিধান পৰিষদৰ উপৰি অগপৰ আঠখন আঞ্চলিক সমিতি আৰু আঠখন ৱাৰ্ড সমিতিয়ে ফুলাম জাপি, গামোচা, শৰাই আদিৰে উষ্ম সম্বৰ্ধনা জনায়।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ভ:বলেন্দ্ৰ কুমাৰ দাস আৰু অতিথি হিচাপে উপস্থিত থাকে ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মণ, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া,আজাৰা গাঁও পঞ্চায়তৰ সভাপতি কবিতা বড়ো ৰংপী ,মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি ববিতা বৈশ্য আৰু উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জু কলিতা।

Leave A Reply

Your email address will not be published.