জামুগুৰিহাটত অটল টিংকাৰিং ৰবটিক লেৱৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

0 247

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও একাদেমীত আজি নীতি আয়োগ ভাৰত চৰকাৰৰ অধীনস্থ অটল টিংকাৰিং ৰবটিক লেৱৰ শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷বিদ্যালয় খনিৰ ছাত্ৰছাত্ৰী সকলক আধুনিক বিজ্ঞান সন্মত শিক্ষা প্ৰদানৰ সুবিধাৰ্থে নিৰ্মিত ভৱনটি বিধায়ক গৰাকীয়ে  দ্বাৰ উন্মোচন কৰি কয় যে বিজ্ঞান শিক্ষাৰ প্ৰতি আমি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰিব লাগে৷এই বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ কল্যানৰ হকে চৰকাৰৰ নীতি আয়োগৰ তৰফৰ পৰা আগবঢ়োৱা ২০ লাখ টকা ব্যয়ৰে নিৰ্মিত বিজ্ঞান ভৱন শুভ উদ্বোধন কৰি মই আনন্দিত৷বিজ্ঞান শিক্ষৰ বাবে নিয়োগ কৰা শিক্ষক দুগৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত শিক্ষা দান কৰিব বুলি মই আশাবাদী বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে৷ইয়াৰ পিছতে বিদ্যালয় খনিৰ ছাত্ৰছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত এক সভাত বিধায়য়ক পদ্ম হাজৰিকাৰ সৈতে অংশগ্ৰহণ কৰে প্ৰধান শিক্ষক আশোক কুমাৰ দাহাল পৰিচালনা সমিতিৰ সভানেত্ৰী ৰূপালী বৰা, শিক্ষক সমাজকৰ্মী নিতুমনি বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে৷

 

Leave A Reply

Your email address will not be published.