জামুগুৰিহাটৰ ইটাখোলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত চাৰিদিনীয়াকৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰশিক্ষণ প্ৰদান

0 217

জামুগুৰিহাটৰ ইটাখোলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱন প্ৰাঙ্গনত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অপৰাজিতা মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান । উক্ত প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডি এফ ই সমিৰণ শইকীয়া, ব্লক কঅৰডিনেটৰ দ্বিপৰঞ্জন চমুৱা আৰু বি পি এম মনিচ বৰকাকতি । তেওঁলোকে অনাগত দিনবোৰত মণ্ডল পৰ্য্যায় সংগঠনে কেনেধৰণে আগবাঢ়িব যাব অৰ্থ্যাৎ লক্ষ্য নিৰ্ধাৰণ, মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে সকলো সদস্যা সামূহিয়াভাবে কেনেধৰণে আগবাঢ়িব সেই বিষয়ে আলোচনা কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.