জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ তিনিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বৃহৎ সফলতা

0 271

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বগাবিল নিবাসী প্ৰিয়ংকা দেৱী, অভিজ্ঞান পৰচায় আৰু ডিম্পল ভাণ্ডাৰীৰ বৃহৎ সফলতা । ধলাইবিলস্থিত মডেল ইংলিচ স্কুল আৰু টুপিয়া পাঁচগাঁৱ, ব্লু পাইন ইংলিচ স্কুলৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছিল প্ৰিয়ংকা, অভিজ্ঞান আৰু ডিম্পল । বগাবিল নিবাসী নাৰদ মুনি চিৱাকুটি আৰু পৱিত্ৰা দেৱীৰ কন্যা প্ৰিয়ংকাই ৯৩.১৬ শতাংশই ডিষ্টিংচন আৰু অভিজ্ঞানে ৮০ শতাংশ ষ্টাৰ, ডিম্পলে ৭৫ শতাংশ লাভ কৰি ষ্টাৰ নম্বৰৰে উত্তৰাঞ্চলৰ বগাবিল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । মেধাৱী ছাত্ৰী প্ৰিয়ংকাই অসমীয়াত ৮৩ ইংৰাজীত ৯১, গণিতত ১০০, বিজ্ঞানত ৯৭, সামাজিক বিজ্ঞানত ৯৫, ভূগোল বিষয়ত ৯৩ নম্বৰৰে সৰ্বমুঠ ৫৫৯ নম্বৰৰে ডিষ্টিংচনৰে বগাবিল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । প্ৰিয়ংকাৰ লগতে অভিজ্ঞান আৰু ডিম্পলৰ এনে বৃহৎ সফলতাৰ বাবে শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে অঞ্চলবাসীয়ে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.