জামুগুৰিহাটৰ ঠাকুৰবাৰীত প্ৰতিমা প্ৰতিষ্ঠা সম্পন্ন

0 183

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঠাকুৰবাৰীস্থিত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনত ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰে শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ আৰু অখণ্ড হৰিনাম কীৰ্তন উদযাপন কৰে । সেই উদ্দেশ্যে বৃহস্পতিবাৰে ৰথ যাত্ৰাৰ প্ৰতিমা বিগ্ৰহ স্থাপন কৰে। উক্ত ৰথ যাত্ৰা অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ লানি নিচিগা ভিৰ দেখা যায় । ঠাকুৰবাৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনৰ পৰা পুৱাই ৰথ যাত্ৰা শুভাৰাম্ভ কৰি মৰিসুতি, মঙলবৰীয়া, বাটমাৰী, ৰঙাচকুৱা, চাৰিপুখুৰী, গড়বিল হৈ পুনৰ মন্দিৰ প্ৰাঙ্গনত ৰথ যাত্ৰা সমাপ্ত কৰে।ৰথ যাত্ৰাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে মৰিসুতি টম টম এচছিয়েচনৰ উদ্যোগত সম্পূৰ্ণ বিনামুলীয়াকৈ প্ৰায় ৩০ খনৰো অধিক টম টমৰ যোগাৰ দিয়ে । ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰ ভিতৰত নন্দোৎসৱ, ৰাসলীলা, লক্ষাধিক বন্তি প্ৰজ্বলন অন্যতম বুলি জানিবলৈ দিয়ে সভাপতি খৰ্গ বাহাদুৰ ছেত্ৰী,সম্পাদক ভাস্কৰ ভট্টৰাই, ৰাজু ভট্টৰাইৰ লগতে সমুহ উদযাপন সমিতিয়ে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.