জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ

0 147

শোণিতপুৰ জিলাৰ চৈবাৰীৰ নাহৰবাৰীত কালি এটা দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ হয় ৷ নাহৰবাৰীৰ পথাৰত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে ঈগলটো ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কোনো দূস্কৃতিকাৰীয়ে ঈগলটো আক্ৰমণ কৰাত চৰাইটোৱে গুৰুতৰ আঘাট পায় ৷ গুৰুতৰ ভাৱে আহত ঈগলটো উৰিব নোৱাৰি পথাৰত পৰি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰি সম্প্ৰতি ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ক গটাই দিয়া বিষয়ে জানিব পৰা গৈছে ৷ বনবিভাগে চৰাইটোৰ উন্নত চিকিৎসা কৰি বনাঞ্চলত এৰি দিব বুলি জানিব পৰা গৈছে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰাঃৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.