জামুগুৰিহাটৰ বাপুজী ভৱনত বিজেপিৰ চতিয়া সমষ্টি কমিটিৰ সভা -বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছীৰ বিজেপিত যোগদান

0 209

চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত আজি নদুৱাৰ মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷সভাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত চতিয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু কংগ্ৰেছৰ মহিলা মৰ্চাৰ বিষয়ববীয়া নয়নমনি বৰাই বিজেপি দলত যোগদান কৰে ৷ বিধায়ক পদ্ম হাজৰিকাই বিজেপি দলত যোগদান কৰা দুয়োকে বিজেপিৰ দলীয় পতাকা আৰু টুপিৰে আদৰণি জনায় ৷ সভাত বিধায়ক পদ্ম হাজৰিকাই চতিয়া সমষ্টি আজিৰ তাৰিখত কংগ্ৰেছ শূন্য বুলি কোৱাৰ লগতে আজিৰ তাৰিখত ৰাজ্যখনৰ ভিতৰতে চতিয়া সমষ্টিত বিজেপিৰ শক্তি অক্ষত দূৰ্গলৈ পৰিণত হোৱা বুলি মন্তব্য কৰে ৷ শেষত বিধায়ক পদ্ম হাজৰিকাৰ লগত যুৱ মৰ্চাৰ সদস্যসকলে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সন্দৰ্ভত এক বাইক ৰেলিও উলিয়াই। দলীয় সভাখনিত নদুৱাৰ মণ্ডল বিজেপি দলৰ সভাপতি জয়ন্ত বৰা ,বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰাৰ লগতে সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ সভাপতি ,আঞ্চলিক সদস্যৰ লগতে ৱাৰ্ড সদস্য সদস্যা সকল উপস্থিত থাকে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.