জামুগুৰিহাটৰ বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰৰ চুটি ছবি ডাষ্টবিনৰ শুভ উন্মোচন

0 218

শোণিতপুৰ জিলাৰ বালিপৰাত মানসিক ভাৱে বিকাৰ গ্ৰস্ত এজন ব‍্যক্তিয়ে ট্ৰেফিক আৰক্ষীৰ ভূমিকা পালন কৰা দেখা গৈছিল । যেন বহু ব্যস্ত এজন যানবাহন আৰক্ষী । সুহুৰি বজাই গাড়ী অহা যোৱাৰ সংকেত দি নিয়ন্ত্ৰণ কৰা দেখা গৈছে । তাৎক্ষনিক ভাৱে হোৱা পৰিৱেশত কৰ্তব্যৰত ট্ৰেফিক আৰক্ষী বিষয়া সকল বিমোৰত পৰে আচলতে ঘটনা নো কি? পিছত ট্ৰেফিক আৰক্ষীয়ে উক্ত মানসিক বিকাৰগ্ৰস্থ লোক জনক তাৰপৰা আতৰাই পঠিয়াবলৈ সক্ষম হয় ।

এয়া আছিল এখন চুটিছবিৰ দৃশ্য গ্ৰহণ । জামুগুৰিহাটৰ আকাশ প্ৰডাকচনৰ বেনাৰত নাট‍্যকাৰ পৰিচালক অভিনেতা শিশিৰ বৰঠাকুৰৰ পৰিচালনাৰে আৰম্ভ হোৱা চুটিছবিখনি আকাশ প্ৰডাকচন নামৰ ইউ টিউব চেনেলৰ জৰিয়তে ডাষ্টবিন নামৰ চুটিছবিখন বালিপৰাত শুভ উন্মোচন কৰে বালিপাৰা জিলা পৰিষদৰ সদস্য মৃনাল শইকীয়া, ৰঙাপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অশ্বিনী কুমাৰ ডেকা, অসম সেনা শোণিতপুৰ জিলাৰ আহ্বায়ক ৰাজনীশ শইকীয়া । উল্লেখ্য যে ধলাইবিলৰ সাংস্কৃতিক কৰ্মী শিশিৰ বৰঠাকুৰে ইতিমধ্যে শতাধিক চুটিছবি নিৰ্মাণ কৰি ইউটিউৱ চেনেল আকাশ প্ৰডাকচনৰ জৰিয়তে ৰাইজলৈ সেৱা আগবঢ়াই আহিছে বুলি মন্তৱ্য কৰে ৷ ডাষ্টবিনৰ পৰিচালকে জানিবলৈ দিয়া মতে সম্পূৰ্ণ সামাজিক পৰিৱেশ আৰু গ্ৰাম্য জন জীৱনৰ পটভূমিত নিৰ্মাণ হ’ব লগা ডাষ্টবিন নামৰ এই চুটি ছবিখন সমাৰোহলৈ প্ৰেৰণ হ’ব । লগতে যান বাহন আৰক্ষীসকলকো বিহুৱানৰে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰে।

Leave A Reply

Your email address will not be published.