জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ নৱমখন বৈঠকখন ২৭ ডিচেম্বৰত উপ সভানেত্ৰী ডঃ সন্ধ্যা পাঠকৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । বৈঠকৰ আৰম্ভণিতে শিক্ষাবিদ ডঃ প্ৰদীপ গোস্বামী , কবি মীৰা ঠাকুৰ, গায়ক সূৰ্য দাস, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, জাকিৰ হুছেইনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । আৰম্ভণিতে শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । আৰম্ভণিতে ৰুণুমী নাথে ভজন পৰিবেশন কৰে। স্ব-ৰচিত লেখা পাঠ অনুষ্ঠানত কবিতা পাঠ কৰে অঞ্জু দত্ত শইকীয়া, মামনি ভট্টাচাৰ্য , অঞ্জনা ৰাণী ভট্টাচাৰ্যই। প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰ, পূৰবী ফুকনে। অনুভৱ ব্যক্ত কৰে ৰেখা বৈশ্যই। শিশু গল্প পাঠ কৰে মামণি শৰ্মাই । ভাষণ আগবঢ়াই ডঃ দীপালী দত্ত , ডঃ মীনা দেৱীয়ে । গীত পৰিবেশন কৰে নিৰ্মালী গোস্বামী আৰু মল্লিকা বৰাই । কবিতা আবৃত্তি কৰে সম্পাদিকা গীতিকা দাসে। এটি সমবেত সঙ্গীত পৰিৱেশন কৰে ৰুণুমী নাথ,ৰেখা বৈশ্য,মল্লিকা বৰা,বিজু মেধিয়ে।ডঃ সন্ধ্যা পাঠকৰ সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই।অসম সংগীতেৰে বৈঠকৰ সামৰণি পৰে।
Trending
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন