গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত তথা প্ৰাধিকৰণৰ অধ্যক্ষ মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে বিভিন্ন বিভাগে দাখিল কৰা প্ৰস্তাৱসমূহ উত্থাপন কৰে । বৈঠকত জলসম্পদ, কৃষি, শিক্ষা, মীন, লোকনিৰ্মাণ(পথ),হস্ততাঁত আৰু বস্ত্ৰশিল্প, সমাজ কল্যান বিভাগ আৰু ৰাজহ চক্ৰ পৰ্যায়ত কেইবাটাও প্ৰকল্প দাখিল কৰা হয় । ২০২১ চনত বানপানী, ধুমুহা আদিৰ ফলত বাট-পথ, বিদ্যালয় গৃহ আৰু অন্যান্য ক্ষয়-ক্ষতি তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ এছ ডি আৰ এফৰ অধীনত পুনৰসংস্থাপনৰ বাবে দাখিল কৰা কেইবাটাও প্ৰকল্প প্ৰস্তাৱ গৃহীত হয় । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস