জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰততে আৰম্ভ কৰা কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰই দুদিনীয়া কাৰ্যসূচীৰে অনিল বৰা স্মৃতি যুৱ সংঘৰ ব্যৱস্থাপনাত নতুৱা গাঁৱৰ খেল পথাৰত ১৮জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী ২০২৫ লৈ অনুষ্ঠিত হয়। প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নতুৱাগাঁও উন্নয়ন সমিতিৰ উপ সভাপতি সুদৰ্শন নাথ আৰু বৰঙাবাৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি ইন্দ্ৰেশ্বৰ বৰাই।ভলিবল প্ৰতিযোগিতাত উন্নয়ন খণ্ডৰ বিজয়ী দলৰ লগতে দহটা দল, কাবাডী প্ৰতিযোগিতাত মূঠ ৮ টা দল আৰু ১০০ মিটাৰ দৌৰ, দীঘল জাম্প, ৰচি টনা আৰু বেডমিন্টন প্ৰতিযোগিতাত বিভিন্ন উন্নয়ণ খণ্ডৰ শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত পুৰুষৰ ভলীবল প্ৰতিযোগিতা আৰু মহিলাৰ কাবাডী প্ৰতিযোগিতাৰ বিজয়ী দল যথাক্ৰমে অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত হয়। লগতে ব্যক্তিগত শাখাত অনুষ্ঠিত ১০০ মিটাৰ দৌৰ, দীঘল জাম্প, ৰচি টনা আৰু বেডমিন্টন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগিতালৈ বাচনি লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পোনাৰাম নাথ, মৰিগাঁও ডায়েটৰ প্ৰবক্তা কিৰিতি কমল বৰা, মৰিগাঁও জিলা কাবাডী সন্থাৰ সম্পাদক ৰমেশ কাকতি, নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰ আৰু সংঘৰ প্ৰাক্তন সভাপতি সোমেশ্বৰ নাথ, মোহন চন্দ্ৰ নাথ উপস্থিত থাকি বিজয়ী প্ৰতিযোগী আৰু দ’ল সমূহক বটা, নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰে। খেল সমূহ পৰিচালনা কৰে ৰেফৰী ইনামূল হক,বিপিণ নাথ, টুলেশ্বৰ নাথ, ভৱজ্যেতি নাথ আৰু কমল নাথে ।