জি আই পি এছৰ এন এছ এছ (NSS) কোষৰ দ্বাৰা শিক্ষা, স্বাস্থ্যৰ ওপৰত সজাগতা, প্ৰচাৰ তথা প্ৰসাৰৰ বাবে সাদিনীয়া কাৰ্যসূচী ৰূপায়ন

0 347

গুৱাহাটীৰ আজাৰাস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান গিৰিজনন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স (GIPS)ৰ উদ্যোগত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (ASTU)ৰ ৰাষ্ট্ৰীয় সেঁৱা আঁচনি (NSS)ৰ সৌজন্যত এক সপ্তাহব্যাপী শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী, কভিড টিকাকৰণ, চাফ-চিকুন সম্পৰ্কে এক কাৰ্যসূচী হিচাপে প্ৰতিষ্ঠানখনৰ সমীপৱৰ্তী গাওঁ কেওঁটপাৰাত, আজাৰাত। উদ্বোধনী অনুষ্ঠানত জি আই পি এছৰ অধ্যক্ষ ড০ গৌৰাংগ দাস, প্ৰতিষ্ঠানখনৰ এন এছ এছ কোষৰ কাৰ্যক্ৰম বিষয়া ড০ তৃষ্ণা দাসৰ লগতে কেওঁটপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু জি আই পি এছৰ অন্য অধ্যাপক আৰু অধ্যাপিকা সকলৰ লগতে এন এছ এছ ৰ সমূহ স্বেচ্ছাসেৱক সকল উপস্থিত থাকে। বিশিষ্ট ব্যক্তিসকলৰ বক্তব্যৰ দ্বাৰা আৰম্ভণি কৰা অনুষ্ঠানটিত শিক্ষা সম্পৰ্কে মানুহক সজাগ কৰাৰ নিমিত্তে এক শোভাযাত্ৰা কৰা হয়। ঠিক তেনেদৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে বিশুদ্ধ খোৱা পানীৰ কাৰণে কেওঁটপাৰা প্ৰাথমিক বিদ্যালয়ত ফিল্টাৰ যোগান ধৰা হয় লগতে বিশুদ্ধ খোৱা পানীৰ বিষয়ে সজাগতা মূলক বত্তৃতা প্ৰদান কৰা হয়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচীত অভিজ্ঞ চিকিৎসকলৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ উপৰিও জন্ম নিয়ন্ত্ৰণ তথা বিজ্ঞানসন্মত ভাৱে পৰিয়াল পৰিকল্পনা সফল কৰাৰ বাবে NSS কোষৰ পৰা এখন বাটৰ নাট পৰিবেশন কৰা হয়। ২৯ মে’ৰ দিনা অন্তিম কাৰ্যসূচী হিচাপে স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি NSS কোষৰ ফালৰ পৰা কেওঁটপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌপাশ চাফ চিকুন কৰা হয় আৰু লগতে ব্যৱহাৰ উপযোগী ডাষ্টবিনো যোগান ধৰা হয়। সামৰণি পৰ্ব সঞ্চালন কৰে কাৰ্যক্ৰম অধিকাৰী ড০ তৃষ্ণা দাসে।

Leave A Reply

Your email address will not be published.