হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চালক সকলৰ বাবে এতিয়াৰে পৰা দুঃখবৰ। কিয়নো এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ তেল ডিপো সমূহত যিসকল দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰাকৈ ডিপোলৈ তেল ভৰাবলৈ আহে তেওঁলোকে তেল নাপাব । কিয়নো পথ সুৰক্ষা আৰু জীৱন ৰক্ষাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়ে মহানগৰীৰ ডিপো সমূহত হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকক পেট্ৰল নিদিবলৈ তেল ডিপোৰ গৰাকী আৰু কৰ্মচাৰী সকলক আহ্বান জনাইছে । এই সন্দৰ্ভত জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ২৫ জুনত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ বিশ্বজিৎ পেগুৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত পথ সুৰক্ষা সমিতিৰ এখন সভাত “ন’ হেলমেট ন’ পেট্ৰল” নীতি কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই নীতিৰ অধীনত হেলমেট পৰিধি নকৰা দুচকীয়া বাহন চালকক পেট্ৰল ডিপোট পেট্ৰল নিদিবলৈ ডিপো সমূহলৈ আহ্বান জনোৱা হৈছে । ইতিমধ্যে জিলা উপায়ুক্তই এই নীতি যাতে সঠিকভাবে কাৰ্যকৰী হয় তাৰ বাবে পেট্ৰল ডিপোৰ তদাৰকৰ দায়িত্বত থকা জিলা যোগান বিভাগক নিৰ্দেশনা দিছে । আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসে জনোৱা দিয়া মতে দুচকীয়া বাহনৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত কেৱল হেলমেট পৰিধান নকৰা বাবে বহু চালকে মূৰত আঘাট পাই অকালতে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । ইয়াৰ বেছিভাগেই ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ । স্বাভাবিকতে দেশ গঢ়াৰ বয়সত অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱাটো দেশখনৰ বাবেও বৃহৎ ক্ষতি বুলি জিলা পৰিবহন বিষয়া গৰাকীয়ে সদৰি কৰিছে ।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth