জুবিন আহি আছে..

0 263

সমগ্ৰ দেশতে তৃতীয় পৰ্য্যায়ৰ লক ডাউন চলি আছে।ইয়াৰ মাজতে চৰকাৰে বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা যাত্ৰী সকলক গন্তব্য ঠাইলৈ যাবৰ বাবে ব্যৱস্থা কৰি দিছে।সেয়ে সকলোৱে স্বগৃহাভিমুখে বাট বুলিছে।
 
 
এই সময়তে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ সুদূৰ মুম্বাইৰ পৰা অসমলৈ আহি আছে।জানিব পৰা মতে অহা মংগলবাৰে জুবিন গাৰ্গ অসমত উপস্থিত হ’ব।
 
 
মুম্বাইৰ পৰা জুবিন গাৰ্গে বাছেৰে যাত্ৰা কৰিছে।লগত আছে পত্নী গৰিমা গাৰ্গ,আৰু দুই সংগীত শিল্পী।স্মতৰ্ব্য যে মুম্বাইৰ পৰা অহা এই দলটোৱে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতেহে যাৱতীয় কাৰ্য্য সম্পাদন কৰিব পাৰিব।স্মতৰ্ব্য যে স্বাস্থ্যজনিত কাৰণত জুবিন মুম্বাইলৈ গৈছিল।

Leave A Reply

Your email address will not be published.