নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব, শতিকাৰ শ্ৰেষ্ঠ সঙ্গীতশিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু মহান শিল্পীগৰাকীৰ জীৱন-কৰ্মৰাজিৰ স্মৰণ বিষয়ক এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত পৰিবহণ বিষয়া গৰাকীয়ে বন্তি প্ৰজ্বলনেৰে অমৃত কণ্ঠগৰাকীৰ ব্যক্তিত্বৰ চকুতলগা বিভিন্ন দিশসমূহ উল্লেখ কৰি ব্যক্তব্য আগবঢ়াই ৷ জুবিন গাৰ্গ হঠাতে নাইকিয়া হৈ যোৱাটো দেশবাসীৰ মূৰত সৰগ ভাগি পৰাৰ দৰে বুলি উল্লেখ কৰি যোৱা দিনবিলাকত জুবিন গাৰ্গে পৰিবহণ বিভাগক বিভিন্ন ধৰণে সহায় কৰাৰ কথা উল্লেখ কৰে ৷ বিষয়াগৰাকী বৰপেটা জিলা পৰিবহণ বিষয়া হৈ থকাৰ সময়ত জিলা পুথিভঁৰালৰ এক অনুষ্ঠানত তেওঁৰ এটি অনুৰোধতে শিল্পীগৰাকীয়ে নতুন প্ৰজন্মৰ প্ৰতি পথ-সুৰক্ষাৰ আহ্বান জনাবলৈ আগ্ৰহী হোৱা বুলি কৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। বিশেষকৈ মহান শিল্পীগৰাকীয়ে “মোৰ মুখৰ এষাৰ বাক্যই যদি কোনোবা ব্যক্তিক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰে তেন্তে মোৰবাবে তাতকৈ ডাঙৰ কথা কি হ’ব পাৰে” বুলি কৈ “সুৰাপান কৰি গাড়ী নচলাব”, “দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰক” আদি শ্ল’গানেৰে নতুন প্ৰজন্মক পথ-সুৰক্ষাৰ প্ৰতি সজাগ-সচেতন কৰে ৷ মনকৰিবলগীয়া কথা এই যে শিল্পীগৰাকীৰ এই আহ্বানৰ পিছতে জিলাখনত হেলমেটৰ দোকানত গ্ৰাহকৰ ভীৰ হবলৈ ধৰে আৰু সকলোৱে হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলোৱাৰ নতুন পৰম্পৰা আৰম্ভ হয় ৷ এনেক্ষেত্ৰত অসমীয়া সমাজ জীৱনত জুবিন গাৰ্গৰ প্ৰভাৱ অতুলনীয় । সুৰক্ষিত যাতায়াতৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ আহ্বান আগন্তুক দিনত মহান বাণী হৈ থাকিব বুলি কৈ শিল্পীগৰাকীৰ তেওঁ চিৰশান্তি কামনা কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সহকাৰী পৰিবহণ আয়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তামচিন আফটাব, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) ৰাজীৱ কুমাৰ পেগু, যানবাহন পৰিদৰ্শক দেৱাংশু দত্ত,অচিন্ত্য সেন, পংকজ কুমাৰ দাস, পূৰ্ণীমা তাছা, বৰষা দাসকে ধৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰি অসমৰ সমাজ আৰু উঠি অহা প্ৰজন্মক শিল্পী জুবিন গাৰ্গৰ ব্যতিক্ৰমী সাধনা আৰু কৰ্মৰাজীৰে অনুপ্ৰাণিত হোৱাৰ কামনা কৰে ৷
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা