বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথলৈ ২০১৯ বৰ্ষৰ সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়োৱা হৈছে।চেলেংহাটৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে সুধাকন্ঠৰ মৃত্যু দিনটোক আস্থাৰ দিন ৰূপে পালন কৰি অহা লগতে প্ৰতিবছৰে এই অনুষ্ঠানটোৱে ভূপেন্দ্ৰ সংগীতৰ এগৰাকী একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে। ২০১৯ বৰ্ষত এই বঁটা লাভ কৰা যোৰহাটৰ সু সন্তান জয়ন্ত নাথ অসমৰ সংগীত জগতৰ এটি চিনাকী নাম।গীতিকাৰ, সুৰকাৰ তথা ছবি পৰিচালক জয়ন্ত নাথে ভূপেন্দ্ৰ সংগীতৰ নিৰলস চৰ্চা কৰি অহা লগতে নৱপ্ৰজন্মৰ মাজত ভূপেন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে।আনহাতে অহা ৫ নৱেম্বৰত চেলেংহাট বৰনগঞা গাওঁ পেক্ষাগৃহত উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আয়োজন কৰা আস্থা দিনৰ অনুষ্ঠানত শিল্পী গৰাকীক এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজা চক্ৰৱতীয়ে। আস্থা দিনৰ লগত সংগতি ৰাখি বিশিষ্ট কবি ৰঞ্জিত গগৈৰ সম্পাদনাত প্ৰকাশ পাব লগীয়া “সুন্দৰ সূৰ্য্য ধিয়াই নতুন দিগন্তলৈ” শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট কবি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া পুণ্য দেৱীয়ে। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত থাকিব নগদ ধনৰ টোপোলা, এখনি প্ৰশস্তি পত্ৰ, সুধাকন্ঠৰ স্মাৰক ৰূপৰ তঁৰা খচিত এটি টুপী লগতে এখন চেলেং চাদৰ।
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ