টপচেম চিমেন্টে চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ আৰু চকু পৰীক্ষা শীর্ষক ৮ম সংখ্যক শিবিৰ আয়োজন

0 33

উত্তৰ পূব ভাৰতৰ এক অগ্রনী চিমেন্ট ব্ৰেণ্ড টপচেম চিমেন্টে তেওঁলোকৰ বিনামূলীয়া ৮ম সংখ্যক চকু ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আয়োজন কৰিছে।এই ক্ষেত্রত আই ডাক্তৰ্চ-এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰ, গুৱাহাটী, সহযোগী হিচাপে আছে। এই পদক্ষেপে নূন্যতম সেৱাৰ পৰা বঞ্চিত জনসমুদায়ৰ লোকক সুলভ চকু যত্ন সেৱা প্ৰদান কৰা, চকুৰ সুস্থ দৃষ্টিশক্তি বৃদ্ধি কৰা আৰু জীৱন যাপনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্রত টপচেম চিমেন্টৰ প্ৰতিশ্ৰুতি সমৃদ্ধ কৰে।
২০২৫ চনৰ ১ ফেব্ৰুৱাৰী পৰা ১৫ টা দিনৰ ভিতৰতে এই বিশেষ শিবিৰে দৰঙ, ওদালগুৰি, বৰপেটা আৰু কামৰূপ জিলাত ব্যাপক গ্ৰামীণ চকু স্ক্রীনিং ব্যৱস্থা অনুষ্ঠিত কৰিব। বিশেষজ্ঞসকলে চকুৰ বিভিন্ন স্থিতিৰ প্ৰায় ২৫০ গৰাকী ৰোগীৰ পৰীক্ষা কৰিব,য’ত চকুৰ ছানি পৰা, প্ৰতিসৰণক্ৰুটি আৰু দৃষ্টিশক্তিৰ সমস্ত বিকাৰ, আই ডাক্তৰ্চ-এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰে পৰীক্ষা কৰিব।
টপচেম চিমেন্টে ৫০ গৰাকী ৰোগীক আই ডাক্তৰ্চ ইন্সটিটিউট এণ্ড চাৰ্জাৰী চেন্টাৰত বিনামূলীয়াকৈ চকুৰ ছানি পৰা অস্ত্রোপচাৰৰ বাবে সহায়তা প্রদান কৰিব,তেওঁলোকৰ জীৱন বিষয়ক নতুনত্ব প্ৰদান কৰিব। কোম্পানীটোৰ সমৰ্থনত অস্ত্রোপচাৰৰ সৈতে জড়িত সমস্ত ব্যয় সামৰি লৈ এয়া নিশ্চিত কৰিব যে বিত্তীয় সীমাবদ্ধতাই যাতে অত্যাবশ্যকীয় চকুৰ যত্ন লোৱাৰ ক্ষেত্রত প্ৰতিবন্ধকতা আনিব নোৱাৰে।
মেঘালয় চিমেন্টচ লিমিটেডৰ বিক্রী আৰু বিপণনৰ জেষ্ঠ্য অধ্যক্ষ, ড° অনিল কাপুৰে মন্তব্য কৰে “টপচেম চিমেন্টে সামাজিক বিকাশত অৰিহণা যোগাব পৰা কাৰকসমূহক সমৰ্থন কৰিবলৈ সদায় সমৰ্পিত। এই পদক্ষেপটো আমাৰ প্ৰান্তীয় জনসমুদায়সমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰা, জীৱন যাপনৰ শৈলী সমৃদ্ধ কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ সংস্কৃতি গঢ়ি তোলাৰ সৈতে ৰজিতা ৰক্ষা কৰে।
২০১৮ চনৰ পৰা টপচেম চিমেন্টৰ বিনামূলীয়া চকু ছানি পৰা অস্ত্রোপচাৰৰ প্ৰচেষ্টাই ভাৰত চৰকাৰৰ অন্ধত্ব আৰু দৃষ্টিশক্তিৰ দুৰ্বলতা নিয়ন্ত্রণৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচীত সহায়তা প্রদান কৰিছে। কোম্পানীটোৱে ২০২৪ চন পৰ্যন্ত ২০০ সংখ্যক অস্ত্রোপচাৰ সফলতাৰে সম্পূর্ণ কৰিছে, দৃষ্টিশক্তিৰ পুণৰোদ্ধাৰ কৰিছে আৰু বহুজনৰ জীৱনলৈ পৰিবৰ্তন আনিছে।সহজলভ্য চকু স্বাস্থ্য সেৱা প্ৰদান কৰি টপচেম চিমেন্টে জনসমুদায়ৰ কল্যাণ সাধনৰ সমান্তৰালভাৱে চকুৰ স্বাস্থ্য উন্নত কৰা আৰু সুস্থ আৰু অধিক ফলপ্রসূ সমাজৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে।

Leave A Reply

Your email address will not be published.