টপচেম চিমেন্ট আৰু গুৱাহাটী স্কুটাৰ এণ্ড মটৰ চাইকেল গেৰাজ অ’নাৰ্ছ এচোছিয়েশ্যনে আয়োজন কৰিছে বিশ্বকৰ্মা আইডল বিসৰ্জন অভিযান-২০২৩

0 145

টপচেম চিমেণ্ট আৰু গুৱাহাটী স্কুটাৰ এণ্ড মটৰ চাইকেল গেৰেজ অ’নাৰ্ছ এচোছিয়েশ্যনে( জি এচ এম জি অ’ এ) প্ৰতি বছৰে নিজৰ বিশ্বকৰ্মা আইডল বিসৰ্জন অভিযান পদক্ষেপৰ জৰিয়তে স্বচ্ছ গুৱাহাটীৰ পোষকতা কৰি আহিছে, আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে।এই নেতৃত্বৰ পৰিপ্ৰেক্ষিতত বিগত কিছু বছৰ ধৰি বিভিন্ন প্ৰতিষ্ঠান আৰু সংস্থা অধিক জড়িত হোৱাৰ লগতে অংশগ্ৰহণো বৃদ্ধি হৈছে।

টপচেম চিমেণ্ট আৰু গুৱাহাটী স্কুটাৰ এণ্ড মটৰ চাইকেল গেৰেজ অ’নাৰ্ছ এছচিয়েশ্যন (জি এছ এম জি অ এ) দুয়োটাই ২০১৪ চনৰ পৰা যৌথভাৱে এই কাম কৰি আহিছে।
টপচেম চিমেণ্ট আৰু গুৱাহাটী স্কুটাৰ আৰু মটৰ চাইকেল গেৰেজ মালিক সন্থাই অহা ২০ ছেপ্টেম্বৰ পুৱা ১০ বজাত, উলুবাৰীৰ পুৰণি এ এছ টি চি গেৰেজ চৌহদৰ সমীপৰ গুৱাহাটীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিব আৰু সন্ধিয়া ৫ বজালৈকে এই কাৰ্যসূচী চলিব।

এই উপলক্ষে মেঘালয় চিমেণ্ট লিমিটেডৰ অধ্যক্ষ (বিক্রি আৰু বিপণন) ড০ অনিল কাপুৰে এইবাৰৰ কাৰ্যকলাপৰ কথা ঘোষণা কৰি কয় যে “চহৰখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ দায়িত্ব। এই মিচনত আমাৰ সৈতে জড়িত হোৱা বাবে গুৱাহাটী স্কুটাৰ আৰু মটৰ চাইকেল গেৰেজ মালিক সন্থাৰ সহযোগক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

এই অভিযানত বিশ্বকৰ্মাৰ মূৰ্তি সংগ্ৰহ কৰাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত অঞ্চলত নিষ্কাশন কৰা হ’ব টপচেম চিমেণ্ট আৰু গুৱাহাটী স্কুটাৰ আৰু মটৰ চাইকেল গেৰেজ মালিক সন্থাই সংশ্লিষ্ট সকলোকে এই অভিযানত সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।

যোৱা বছৰ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানৰ পৰা ৩০০০ৰো অধিক বিভিন্ন আকাৰৰ মূৰ্তি সংগ্ৰহ কৰা হৈছিল। বিশ্বকৰ্মা পূজা ভাৰতৰ অন্যতম বিখ্যাত উৎসৱ যিটো ভগৱান বিশ্বকৰ্মা,হিন্দু দেৱতা আৰু এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰা এজন দৈব্য বাস্তুকাৰকৰ প্ৰতি উৎসৰ্গিত।

এই উৎসৱটো আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ঔদ্যোগিক ভূ-প্ৰকৃতি, টেকন’-কমাৰ্চিয়েল প্ৰতিষ্ঠান আৰু কাৰখানাসমূহৰ মাজত বিশেষকৈ দোকান বা উৎপাদন কাৰ্যালয়ত উদযাপন কৰা হয়।

Leave A Reply

Your email address will not be published.