টাইকোৱাণ্ডোত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰতিযোগীতাত জিলিকিছে জামুগুৰিহাটৰ টৌভঙাৰ ন্যবিয়া পায়েং

0 171

চিকিমৰ দাৰ্জিলিঙত অনুষ্ঠিত হোৱা প্ৰথম নেচনেল টাইকোৱাণ্ডো চেম্পিঅনচিপ প্ৰতিযোগীতাত প্ৰথম শ্ৰেষ্ঠ বিজয়ী খিতাপৰে সোণৰ পদকৰে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ টৌভঙালৈ গৌৰৱ কঢ়িয়াই আনিছে ন্যবিয়া পায়েংঙে ৷ যোৱা ১২ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত এই টাইকোৱাণ্ডো চেম্পিঅনচিপ প্ৰতিযোগীতাত উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ খেলুৱৈ সকলে অংশ গ্ৰহন কৰে ৷ জামুগুৰিহাটৰ টৌভঙাৰ ন্যবিয়া পায়েংঙে টাইকোৱাণ্ডোত অবৰ্ত্তীন্ন হৈ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী খেলুৱৈক ধাৰাশায়ী কৰি ফাইনেলত যুজ দি অবশেষত প্ৰথম স্থানৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো ৰাজ্যিক পৰ্যায়ৰ খেলৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ গ্ৰহন কৰি জামুগুৰিহাটৰ টৌভঙালৈ সুনাম কঢ়িয়াই অনা ন্যবিয়া পায়েংঙে নেপালত আন্তৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগীতাতো সফলতা অৰ্জন কৰিছিল ৷ টৌভঙা নিবাসী মৃদুল পায়েং আৰু ৰূপা পায়েংঙৰ কণ্যা ন্যবিয়া পায়েংঙে এই সফলতাত অঞ্চলটোৰ গাঁও উন্নয়ন সমিতিৰ লগতে বিভিন্ন দল সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানে শলাগ লোৱাৰ লগতে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.