টাই আহোম উন্নয়ন পৰিষদৰ ধেমাজি সমষ্টিত সামগ্ৰী বিতৰণ

0 252

ৰাজ্যখনৰ নবগঠিত টাই আহোম উন্নয়ন পৰিষদৰ অৰ্থ সাহায্যৰে ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ হাৰ্হি জিলা পৰিষদ এলেকাৰ ৯৬ গৰাকী হিতাধিকাৰীৰ মাজত  ঘৰুৱা ব্যৱহার্য সামগ্ৰী বিতৰণ কৰা হয়। এই উপলক্ষত বুধবাৰে গন্ধিয়া পঞ্চায়তৰ ঘাৰমৰা চাৰি আলিত অনুষ্ঠিত কৰা হয় এক সাহায্য  বিতৰণ  অনুষ্ঠান ।  টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ললিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত হাৰ্হি জিলা পৰিষদৰ  সদস্য টিটুমনি গোঁহাই চেতিয়া ,  হাৰ্হি মণ্ডল বিজেপিৰ সভাপতি প্ৰণৱজিত গগৈ ,  শিঙিয়া পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰদীপ সন্দিকৈ ,  গন্ধিয়া পঞ্চায়তৰ সভাপতি গীতাঞ্জলি বৰুৱা ,ধেনুখনা বাটমাৰী পঞ্চায়তৰ সভাপতি হেপি কোঁৱৰ, টাই আহোম ছাত্ৰ সন্থাৰ সংগঠণিক সম্পাদক লেখন গগৈ আদি উপস্থিত থাকি ৰাজ্য চৰকাৰৰ জনমুখী আৰু জনকল্যানকামী আঁচনিৰ  জৰিয়তে দৰিদ্ৰ ৰাইজ উপকৃত হৈ অহাৰ বিস্তৃত বাখ্যা আগবঢ়ায় । সভাত এই ৪খন গাঁও পঞ্চায়ত এলেকাৰ মুঠ ৯৬ গৰাকী হিতাধিকাৰীৰ মাজত উন্নত মানৰ  প্ৰেচাৰ কুকাৰ,গেছ ষ্টভ আদি বিনামূলীয়াভাৱে বিতৰণ কৰা হয়। সভাত টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ললিত গগৈয়ে উন্নয়ন পৰিষদৰ তৰফৰ পৰা  গ্ৰহণ কৰা জনহিতৈষী আঁচনি সমূহৰ সন্দৰ্ভত অৱলোকন কৰি ৪ খন পঞ্চায়ত এলেকাৰ মুঠ ৩৬৮ গৰাকী হিতাধিকাৰীক কৃষি স্প্রে মেচিন ,৩৬৮ গৰাকী হিতাধিকাৰীক প্ৰেচাৰ কুকাৰ , গেছ ষ্টভ আদি বিতৰণ কৰিবলৈ  পৰিষদ  সাজু বুলি কৈ উন্নত মানৰ এনে ঘৰুৱা  সামগ্ৰীৰ জৰিয়তে পৰিয়াল সমূহ নিশ্চিত ভাবে উপকৃত হ`ব বুলি আশা প্ৰকাশ কৰে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.