শৰণীয়াস্থিত গান্ধী মণ্ডপত উদযাপন কৰিবলৈ লোৱা ১৫২ সংখ্যক মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী প্ৰস্তুতিৰ অৰ্থে বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীস শৰ্মা, অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা, গুণজিৎ ৰায় চৌধুৰী, বিপুল দাস আৰু সুস্বপ্না কাকতি, মহকুমাধিপতি (সদৰ) ত্ৰিদিব ৰয়, প্ৰশাসনৰ তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে গান্ধী জয়ন্তী উদযাপন কৰিবলৈ লোৱা গান্ধী মণ্ডপত আৰক্ষী বিভাগৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ কৰণীয় সকলো কাম আগতীয়াকৈ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰাপত্তা, অনাময় ব্যৱস্থা, চাফ-চিকুনতা, খোৱাপানী যোগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা, চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্তগৰাকীয়ে সকলো বিভাগকে আঁসোৱাহ নথকাকৈ কামসমূহ সুচাৰূপে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে, জাতিৰ পিতা মহাত্মা গান্ধীৰ এই জন্ম দিৱসৰ অনুষ্ঠানটোত মহা মানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী