ৰাণীত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ উদযাপন

0 279

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা ১ ৰ পৰা ৩০ ছেপ্টেম্বৰ লৈ ৰাষ্ট্ৰীয় পোষণ মাহ পৰ্যায়ক্ৰমে উদযাপন কৰি আহিছে। ইয়াৰ অংশ হিচাপে যোৱা কালি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ মহানগৰীৰ সমীপৱৰ্তী ৰাণী সংহত শিশু উন্নয়ণ প্ৰকল্প, কামৰূপৰ উদ্যোগত ৰাণীস্থিত গণপতি প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়। ৰাণী শিশু উন্নয়ণ খণ্ডৰ প্ৰকল্প বিষয়া গুণঞ্জলতা ৰাজবংশীয়ে বন্তি প্ৰজ্বলনৰে ৰাষ্ট্ৰীয় পোষণ মাহ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰে পিছতে ৰাণী সংহত শিশু উন্নয়ণ প্ৰকল্প, কামৰূপৰ অধীনৰ অংগনবাড়ী কেন্দ্ৰ সমূহৰ কৰ্মী, সহায়িকা, আশা কৰ্মীসকল, ছাত্ৰ-ছাত্ৰীসকলে ‘পোষাণ মাহ’ শীৰ্ষক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে থলুৱা ফলমুল, শাক-পাচলিৰ সমাহাৰৰে এখন ‘পুষ্টি মেলা’ৰ দ্বাৰ উন্মোচন কৰে ৰাণী আঞ্চলিক গাঁও পঞ্চয়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনে। এই উপলক্ষে ৰাণী সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া গুঞ্জলতা ৰাজবংশীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত ৰাণী খণ্ড উন্নয়ণ বিষয়া লালৰেমচেইমী নাংগখাইলাই, ৰাণী আঞ্চলিক গাঁও পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, সমাজকৰ্মী জয়ন্ত কলিতা, ৰাণী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ কেইবাগৰাকী পৰ্যাবেক্ষক উপস্থিত থাকি ৰাষ্ট্ৰীয় পোষণ মাহ বিষয় বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য, পোষণৰ নাম আদি পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সভাৰ মাজত গৰ্ভৱতী মহিলা, প্ৰসুতি মাতৃক পুষ্টিকৰ ভৰা থলুৱা ফলমুল, পাচলিৰে সমাহাৰ ভৰা ‘পুষ্টি ভাণ্ডৰ’ বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আৰু কাৰ্যসূচীৰ আ‍ঁতধৰে ৰাণী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ পৰ্যাবেক্ষক মঞ্জুৰাণী ৰাভাই। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি অনুষ্ঠানৰ সামৰণি পৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.