নলবাৰী জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নাম্বৰভাগ গাওঁ পঞ্চায়তৰ সভানেত্রী ইলোৰা ডেকাই ‘স্বচ্ছতা চেম্পিয়ন বঁটা ২০২১’ লাভ কৰাৰ খবৰে জিলাখনলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গান্ধী জয়ন্তী তথা স্বচ্ছ ভাৰত দিৱস উদযাপন অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে এই বঁটা প্ৰদান কৰে।ইলোৰা ডেকাই ৪৫ নং পশ্চিম নামবৰভাগ গাওঁ পঞ্চায়তৰ সভানেত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা পঞ্চায়তখনক স্বচ্ছ আৰু সৰ্বাংগসুন্দৰ কৰাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা বিভিন্ন আঁচনিৰ অধীনত সময়ে সময়ে বিভিন্ন দিশত কাম কৰি অহাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰে ইলোৰা ডেকালৈ। ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়ত খনক অসমৰ ভিতৰত শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাক মঙ্গলবাৰে পঞ্চায়ত খনত বিভিন্ন জনে সম্বৰ্দ্ধনা জনায়।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস