সাজু বৰ্ষাপাৰা ষ্টেডিয়াম।গুৱাহাটীত উপস্থিত দেশী-বিদেশী ক্ৰীড়াপ্ৰেমী।বহু উৎকণ্ঠাৰ অন্ত পেলাই আজি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব বছৰৰ প্ৰথমখন T20 মেচ।ভাৰত শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই খেলখন চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে প্ৰায় ৪০,০০০ দৰ্শক।কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে দৰ্শক সকলৰ বাবে কেবাটাও নিৰ্দেশনা জাৰি কৰিছে।খেল চাবলৈ দৰ্শকে কেৱল ম’বাইল,গাড়ীৰ চাবি আৰু মানীবেগ লৈ যাব পাৰিব।আনহাতে দৰ্শকসকলে ষ্টেডিয়ামলৈ পোষ্টাৰ,জাতীয় পতাকা,চাৰি-ছয় লিখা প্লেকাৰ্ড নিব নোৱাৰিব।সিংহলী বাহিনীক পৰাস্ত কৰিবলৈ টীম ইণ্ডিয়া সম্পূৰ্ণ সাজু আৰু খেল খনকলৈ যথেষ্ট আশাবাদী বুলি জনাইছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়