টীয়কত অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 467

সমগ্ৰ অসমৰ লগতে আজি যোৰহাট জিলাৰ টীয়ক সমষ্টিটো অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়।টীয়ক বিধান পৰিষদৰ উদ্যোগত আৰু সমূহ পঞ্চায়ত পৰিষদৰ সহযোগত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসত পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পন,সতীৰ্থ সোঁৱৰণকে ধৰি কেইবাটাও কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰাৰ পৰৱৰ্ত্তী সময়ত দুপৰীয়া এখন মুকলি সভাৰ অনুষ্ঠিত হয়।
 
 
টীয়ক বিধান পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এগছি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।উক্ত সভাত বিশিষ্ট ৰাজনৈতিক বিশ্লেষক উৎপল বৰুৱা,ধীৰেন কলিতা,ইন্দ্ৰজিত কাকতি,ৰিন্টু গোস্বামী,বিৰিঞ্চি বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.