টীয়কত নাৰী দিৱস উদযাপন

0 212

আজি আন্ত:জাৰ্তিক নাৰী দিৱস।সমগ্ৰ দেশৰ লগতে টীয়কতো নাবাৰ্ডৰ উদ্যোগত তথা অসমৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান ৰেঙণি এটি আশাৰ সহযোগত টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নাৰী দিৱস উপলক্ষ্যে এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত  হয়।উক্ত অনুষ্ঠানত নাবাৰ্ডৰ যোৰহাট আৰু মাজুলী জিলাৰ বিষয়া কে. ভাইফাই, ৰজাবাৰী নীলমণি ছোৱালী হাইস্কুলৰ শিক্ষয়ত্ৰী স্বৰ্ণলতা বৰুৱা,টীয়ক ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া নিলোৎপলাক্ষী বৰা আৰু নৰ্থইষ্ট স্মল ফাইনেঞ্চ বেংকৰ টীয়কৰ শাখা পৰিচালক ৰবীন পূৰ্টী কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।বিশিষ্ট শিক্ষয়ত্ৰী স্বৰ্ণলতা বৰুৱাই সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে বৰ্তমান সময়ত নাৰীৰ স্ব নিৰ্ভৰতা,নাৰীৰ অধিকাৰ,শিক্ষা তথা সমাজত নাৰীৰ ভূমিকা আদিৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াই লগতে নাৰী দিৱসৰ তাৎপয্য আৰু নাৰী দিৱসৰ পালন কাৰণসমূহ বিশ্লেষণ কৰি উপস্থিত ছাত্ৰী তথা ৰাইজক অৱগত কৰে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাংগনতে স্থানীয় মহিলাকলে নিজ হাতেৰে নিৰ্মিত কৰা সামগ্ৰীৰ এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় আৰু উক্ত প্ৰদৰ্শনী দ্বাৰ নিলোৎপলাক্ষী বৰুৱাই শুভ উদ্বোধন কৰে।

বাতৰি যুগুতালে টীয়কৰ পৰা উৎপলে..

Leave A Reply

Your email address will not be published.