টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱত খাদ্য সামগ্ৰী যোগান ধৰিলে

0 267

মানুহে মানুহৰ বাবে কথাষাৰ শিৰোগত কৰি টীয়কৰ চেলেংহাটৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে বৰ্তমান ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা বিভিন্ন অঞ্চলত আৰ্তজনক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিৰ্দশন দাঙি ধৰিছে। টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱত ক`ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে প্ৰশাসনে মূল পথত দাং মাৰি আজিৰ পৰা এটা সপ্তাহৰ আগতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছিল।অৱশ্যে গাঁৱখনৰ প্ৰায় ৫৩ টাকৈ দৰিদ্ৰ পৰিয়ালক প্ৰকাশনে খাদ্য সামগ্ৰী যোগানো ধৰিছিল যদিও প্ৰায় ২০টাকৈ পৰিয়াল বিভিন্ন কাৰণত চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হ’ব লগা হৈছিল।কিন্তু সেই বঞ্চিত পৰিয়ালকেইটিৰ কথা অৱগত হৈ এগৰাকী মানৱ দৰদী ব্যক্তিয়ে গাঁথিৰ ধন ভাঙি উক্ত পৰিয়ালকেইটালৈ খাদ্য সামগ্ৰী যোগান ধৰিছে।চৌদিশে ক’ৰণা আতংক সকলোৰে আৰ্থিক অৱস্থা সুচনীয় সত্বেও তুষাৰ পাল নামৰ এইগৰাকী ব্যক্তিয়ে যি আদৰ্শ দেখুৱাইছে তাক সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.