ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা “টুৰ অপাৰেটৰ অৱ আসাম”ৰ ( টি অ এ এ ) ১১ সংখ্যক বাৰ্ষিক সভাখন অলপতে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আয়ুক্ত – সচিব ৰাজভী হুছেইনে চমু ভাষণত টি অ এ এই বিগত সময়চোৱাত কাজিৰঙা , মানাহ , পবিতৰা , নামেৰীকে ধৰি ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটনথলী সমূহত পৰ্যটকৰ যি সেৱা আগবঢ়াই আহিছে তাৰ শলাগ লয় । সভাত সন্মানীয় অতিথি হিচাপে ভাৰত পৰ্যটনৰ উত্তৰ পূৱৰ ক্ষেত্ৰীয় সঞ্চালক এছ এছ দেৱবৰ্মন ,বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ শান্তিকাম হাজৰিকা , এইছ আৰ এ এ ৰ সুনীল চৰাফ , অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক দেৱ কুমাৰ মিশ্ৰ , জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ উপস্থিত থাকে । সভাত উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ হকে কাম কৰি অহা অৰুণাচল প্ৰদেশৰ অংশু জেমছফাক সম্বৰ্ধনা জনোৱা হয় । তেনেদৰে সভাত পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰি অহা কেবাজনকো মানপত্ৰ প্ৰদান কৰা হয় । সভাৰ আৰম্ভণিতে পৰ্যটনৰ ক্ষেত্ৰখনৰ হকে কাম কৰি অহা গুৱাহাটীৰ ৰংমন ট্যুৰিজিম ছচাইটিৰ কৰ্মকর্তা আৰু ৰাণীৰ ছাটাৰগাঁওৰ প্ৰাক্তন গাওঁবুঢ়া শুকলেশ্বৰ ৰাভাৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশৰ লগতে বিদেহ আত্মাৰ শান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । আনহাতে সভাত আগন্তুক কাৰ্যকালৰ বাবে সৰ্বসন্মতি ক্ৰমে দেৱজিৎ কুমাৰ বৰাক সভাপতি , মুকুল মেধি , ৰাজ কুমাৰ দাস আৰু দীপক কুমাৰ শৰ্মাক উপ সভাপতি , কুন্দন ৰয়ক সম্পাদক , প্ৰাঞ্জল বৰাক যুটীয়া সম্পাদক আৰু কেবাজনকো সদস্য হিচাপে লৈ টি অ এ এ ৰ কাৰ্যকৰী কমিটিখন গঠন কৰা হয় ।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme