ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা “টুৰ অপাৰেটৰ অৱ আসাম”ৰ ( টি অ এ এ ) ১১ সংখ্যক বাৰ্ষিক সভাখন অলপতে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আয়ুক্ত – সচিব ৰাজভী হুছেইনে চমু ভাষণত টি অ এ এই বিগত সময়চোৱাত কাজিৰঙা , মানাহ , পবিতৰা , নামেৰীকে ধৰি ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটনথলী সমূহত পৰ্যটকৰ যি সেৱা আগবঢ়াই আহিছে তাৰ শলাগ লয় । সভাত সন্মানীয় অতিথি হিচাপে ভাৰত পৰ্যটনৰ উত্তৰ পূৱৰ ক্ষেত্ৰীয় সঞ্চালক এছ এছ দেৱবৰ্মন ,বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ শান্তিকাম হাজৰিকা , এইছ আৰ এ এ ৰ সুনীল চৰাফ , অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক দেৱ কুমাৰ মিশ্ৰ , জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ উপস্থিত থাকে । সভাত উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ হকে কাম কৰি অহা অৰুণাচল প্ৰদেশৰ অংশু জেমছফাক সম্বৰ্ধনা জনোৱা হয় । তেনেদৰে সভাত পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰি অহা কেবাজনকো মানপত্ৰ প্ৰদান কৰা হয় । সভাৰ আৰম্ভণিতে পৰ্যটনৰ ক্ষেত্ৰখনৰ হকে কাম কৰি অহা গুৱাহাটীৰ ৰংমন ট্যুৰিজিম ছচাইটিৰ কৰ্মকর্তা আৰু ৰাণীৰ ছাটাৰগাঁওৰ প্ৰাক্তন গাওঁবুঢ়া শুকলেশ্বৰ ৰাভাৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশৰ লগতে বিদেহ আত্মাৰ শান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । আনহাতে সভাত আগন্তুক কাৰ্যকালৰ বাবে সৰ্বসন্মতি ক্ৰমে দেৱজিৎ কুমাৰ বৰাক সভাপতি , মুকুল মেধি , ৰাজ কুমাৰ দাস আৰু দীপক কুমাৰ শৰ্মাক উপ সভাপতি , কুন্দন ৰয়ক সম্পাদক , প্ৰাঞ্জল বৰাক যুটীয়া সম্পাদক আৰু কেবাজনকো সদস্য হিচাপে লৈ টি অ এ এ ৰ কাৰ্যকৰী কমিটিখন গঠন কৰা হয় ।
Trending
- বিটিচি নিৰ্বাচন সন্দৰ্ভত তামুলপুৰ জিলা আয়ুক্তৰ সংবাদ মেল সম্বোধন
- ২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিলে সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ আৰম্ভ
- দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- Guwahati Hosts East Zone Regional Abilympics 2025
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰাচীন সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী