ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টিতে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে

0 120

সমাগত লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টিতে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে। দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিজয় সুনিশ্চিত কৰাৰ স্বাৰ্থত দেওবাৰে ডিগবৈত অনুষ্ঠিত হয় দলৰ কাৰ্যকৰ্তা সন্মিলন। ডিগবৈস্থিত লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত দলৰ এই সাংগঠনিক কাৰ্যসূচীত আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পংকজ বৰগোহাঁই আৰু দলৰ ৰাজ্যিক যুৱ শক্তিৰ উপ সভাপতি বাবুল বিকাশ চেতিয়া উপস্থিত থাকে। নিৰ্বাচনত আপৰ প্ৰাৰ্থীৰ সপক্ষে জনমত সৃষ্টিৰ উদ্দেশ্যে দলীয় নেতৃবৃন্দই ভাষণ দিয়ে। বিজেপিৰ অপশাসনৰ পৰা দেশবাসীক উদ্ধাৰৰ বাবে দলৰ কৰ্মী সকলক নিস্বাৰ্থ ভাবে কাম কৰিবলৈ আহ্বান জনায় দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই।

Leave A Reply

Your email address will not be published.