ডিমা হাচাও ভৱন উদ্ধোধন

0 250

আজি মুকলি হ’ল ডিমা হাচাও ভৱন৷ মহানগৰীৰ ৰুক্মিনী নগৰত আনুষ্ঠানিক ভাৱে এই ভৱনটো মুকলি কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ডিমা হাচাও ভৱন আনুষ্ঠানিক ভাবে মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে পাৰ্বত্য জিলা খনৰ লোকসকলৰ সুবিধাৰ অৰ্থে এই ভৱনৰ ব্যৱস্থা কৰা হৈছে৷ পথ উন্নয়ন তথা জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ১০০কোটি টকা আগবঢ়োৱা হ’ব৷ নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন আৰু ডিমা হাচাও ভৱন নামেৰে ভৱন নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলি আছে৷ আশা কৰা হৈছে ১৮মাহ / ২ বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব৷

উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী ছুম ৰাংহাঙে কয় যে এই ভৱনৰ জৰিয়তে স্বস্থ্য জনিত কাৰণত অহা বা উচ্চশিক্ষা জনিত কাৰণত গুৱাহাটীলৈ অহা সকলৰ সুবিধা হ’ব৷ ইতিমধ্যে পাঞ্জাবাৰীত চৰকাৰী ছাত্ৰাবাস বনায় থকা হৈছে৷ এনেদৰে পাৰ্বত্য জিলাখনৰ উন্নয়নৰ বাবে আগন্তক দিনতো দায়িত্ব সহকাৰে কৰ্তব্য পালন কৰি যাম৷ উদ্ধোধনী অনুষ্ঠানত পাৰ্বত্য জিলাখনৰ বহুতো ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.