ঢকুৱাখনাত অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষত সমূহীয়া দৌৰ অনুষ্ঠিত

0 264

অসম গৌৰৱ প্ৰবীন ক্ৰীড়াবিদ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৩৮ সংখ্যক জন্ম দিৱস উপলক্ষত শুক্ৰবাৰে ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত  অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। শুক্ৰবাৰে পুৱা ৫ বজাত  ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত প্ৰবীণ ক্ৰীড়া সংগঠক উত্তম বৰুৱাই অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱনৰ সন্দৰ্ভত চমু বক্তব্য ৰাখি সমূহীয়া দৌৰ উদ্ধোধন কৰে । ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ  সাধাৰণ সম্পাদক অচ্যুত চত্ৰধৰাই আঁত ধৰা ৩৮ সংখ্যক ক্ৰীড়া দিৱসত  ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ  তৰফৰ পৰা  উদীয়মান ক্ৰীড়া সংগঠক, লখিমপুৰ জিলা টাইকোৱানডো এছোচিয়েচনৰ  সম্পাদক কৃষ্ণ কান্ত গগৈক ক্ৰীড়া ক্ষেত্ৰ খনলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে  প্ৰশস্তি পত্ৰ ,চেলেং চাদৰ  আৰু  ফটো ক’লাজেৰে সম্বৰ্ধনা জনাই। এই সন্দৰ্ভত অনুষ্ঠিত সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক দেৱ ভঁৰালীয়ে।
ক্ৰীড়া সংগঠক প্রিয় ৰাম ফুকন , ভাস্কৰ দাস, প্ৰদীপ বুঢ়াগোঁহাই ,  প্ৰশান্ত হিলৈদাৰী , দুলাল পেগু , যুক্তি ৰত্ন শইকীয়া,  ভদ্ৰ গগৈ , কিৰণ সন্দিকৈ, জ্যোতি কোঁৱৰ  আদিৰ নেতৃত্বত  ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা সমূহীয়া দৌৰত ঢকুৱাখনা ,ঘিলামৰাৰ শতাধিক যুৱক যুৱতী, ক্ৰীড়াপ্ৰেমীয়ে অংশ গ্ৰহণ কৰি ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমনেৰে খেলপথাৰত সামৰণি মাৰে। তেনেদৰে ঘাৰমৰা ক্লাৱৰ উদ্যোগত নিজা খেলপথাৰত পুৱা অনুষ্ঠিত হয় অভিৰুচি ক্ৰীড়া দিৱস। বিশিষ্ট  গৱেষক  জিতুল শইকীয়াই শুভ উদ্ধোধন কৰা  মাৰথান দৌৰ প্ৰতিযোগিতাত গন্ধিয়া পঞ্চায়তৰ গৰিষ্ঠ সংখ্যক ক্ৰীড়ামোদী ৰাইজে অংশ গ্ৰহণ কৰাৰ পাছত শ্ৰেষ্ঠ বিবেচিত সকলক পুৰস্কৃত কৰা হয়। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.