ঢকুৱাখনাত জি আই আই টিৰ তিনি জনক নিযুক্তি প্ৰদান

0 610

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ নৱ প্ৰজন্মৰ শিক্ষাৰ্থী সকলক  গুণগত আধুনিক কম্পিউটাৰ শিক্ষা প্ৰদানত প্ৰশংসনীয় অৱদান আগবঢ়াই যোৱা  “গ্লোবেল ইনষ্টিটিউচন অৱ ইফৰ্মেশ্বন   টেকন’লজী” (জি আই আই টি)ৰ ঢকুৱাখনা শাখাত  দেওবাৰে এখন মনোজ্ঞ সভা অনুষ্ঠিত হয় । ২০০৯ চনৰ পৰাই  নিৰবিছিন্ন ভাৱে বিদ্যায়তনিক সেৱা আগবঢ়াই অহা ঢকুৱাখনা নগৰৰ মূলাৰাম থুৰিমলা ভৱন প্ৰাংগণত  অৱস্থিত জি আই আই টিৰ শাখা কেন্দ্ৰৰ উদ্যোগত ধৰমশালা ভৱন প্ৰাংগণত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰি সঞ্চালনা কৰে  জি আই আই টি অসমৰ ৰাজ্যিক সঞ্চালক টুটুল প্ৰসাদে ।   ঢকুৱাখনা কেন্দ্ৰৰ অধ্যক্ষ দিগেন্দ্র নাথ হাজৰিকাই  ঢকুৱাখনা মণ্ডলীক কেন্দ্ৰটোৰ শৈক্ষিক উত্তৰণ আৰু ইয়াৰ সফলতা সন্দৰ্ভত বক্তব্য দাঙি ধৰে । সভাত ব্যৱসায়ী জয়ন্ত দত্ত আৰু অধিবক্তা কাৰ্তিক দে য়েও  বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।
গৰিষ্ঠ সংখ্যক অভিভাৱক,শিক্ষাৰ্থী আৰু শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা সভাতেই   প্ৰিয়ংকা শইকীয়াক সহকাৰী সঞ্চালক হিচাবে ,  সুভাষ মাঝি আৰু নিতুল দাসক কনিষ্ঠ সহায়ক তথা  কম্পিউটাৰ শিক্ষক হিচাবে আনুষ্ঠানিক  ভাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । নব নিযুক্ত  কৰ্মচাৰী সকলে অনাগত সময়ত সমুহ শিক্ষক শিক্ষাৰ্থী কৰ্মচাৰীয়ে  সন্মিলিত ভাবে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি  প্ৰতিষ্ঠানটোৰ বিদ্যায়তনিক লক্ষ্য উদ্দেশ্য সফল কৰি তোলাৰ বাবে আত্মনিয়োগ কৰিব বুলি মন্তব্য কৰে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.