ঢকুৱাখনাৰ মকৰাচুক নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা

0 252

জগতগুৰু মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি  এক শৰণ নামধৰ্মৰ অন্যতম হৃদপিণ্ড স্বৰূপ নামঘৰ । সাংস্কৃতিক ভাবে  ভক্ত প্ৰাণ ৰাইজক একত্ৰিত কৰিবলৈ গুৰুজনাই সৃষ্টি কৰা এই নামঘৰ সংস্কৃতিৰ অন্যতম  প্ৰশাখা স্বৰূপ ঢকুৱাখনা মহকুমাৰ মকৰাচুক নামঘৰৰ নব নিৰ্মিত গৃহটো আজি শুভ উদ্ধোধন কৰা হয়।  উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ মকৰাচুক গাঁওৰ ধৰ্ম প্ৰাণ ভকত বৈষ্ণৱ , আই বাপ সমস্তৰ দীৰ্ঘদিনিয়া শ্ৰম আৰু অৰ্থানুদানেৰে নৱ নিৰ্মিত মকৰাচুক নামঘৰ গৃহ উন্মোচন আৰু মণিকূটৰ গুৰুআসন প্ৰতিষ্ঠা উপলক্ষত দুদিনীয়া ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । গাওঁখনৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ  আত্মোৎস্বৰ্গী অৱদানৰ প্ৰতিভূ হিচাবে পূৰ্ণতা লাভ কৰা এই শংকৰী কৃষ্টি সংস্কৃতিৰ অন্যতম  পীঠ ভূমি নামঘৰ ভাগিৰ মুখ্য দ্বাৰ শুভ উন্মোচন কৰে ধৰ্ম প্ৰাণ ব্যক্তি লক্ষী দত্তই।  পুৱা উদযাপন সমিতিৰ সভাপতি কনক বৰুৱাই ধৰ্ম ধ্বজা উত্তোলনৰ পাছতে অনুষ্ঠিত মূল কাৰ্যসূচী নামঘৰৰ মণিকূট ভাগিত স্থাপিত গুৰু আসন প্রতিষ্ঠা কৰে বৈষ্ণৱী পীঠস্থান মাজুলীৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ তিলক চন্দ্ৰ গোস্বামী প্ৰভুৱে ।  বৈষ্ণৱ সাধক গোস্বামী যথা সময়ত আহি ভগামুখ তিনিআলিত উপস্থিত হোৱাৰ সময়তে উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা আৰু গাঁওবাসী ৰাইজে গায়ন বায়ন  আৰু মাংগলিক ধৱনীৰে সত্ৰাধিকাৰ গৰাকীক নামঘৰলৈ আদৰি আনে । গাঁওবাসীৰ অতিথ্যত অভিভূত সত্ৰাধিকাৰ গৰাকীয়ে নিজৰ বক্তব্যত আজিৰ এনে বৈকুণ্ঠপুৰী সদৃশ  পৰিবেশে গুৰুজনাৰ আদৰ্শ আৰু গুণ গৰিমাৰ প্ৰকৃত মূল্যায়ন কৰা বুলি কৈ ভকত বৈষ্ণবৰ এনে  সদা গুৰু বন্দনাই অনাদি অনন্ত কাললৈ মহাপুৰুষজনাক উজ্জীৱিত কৰি ৰাখিব বুলি কয়। গোস্বামীয়ে এনে পৰিবেশৰ সতে একাত্ম হবলৈ পায় স্বৰ্গ স্পৰ্শ কৰা যেন লাগিছে  বুলি প্ৰকাশ কৰি ইয়াতকৈ যদি কিবা পৰম সুখ আছে তাৰো  প্ৰাপ্তি অনুভৱ কৰিছো বুলি মন্তব্য কৰি গুৰু আসন ভাগি প্ৰতিষ্ঠা কৰে । ইয়াৰ পাছতে চামগুৰি সত্ৰৰ ধনী ৰাম  বৰা হাতীমতাই শৰাই প্ৰতিষ্ঠা কৰি নাম প্ৰসঙ্গ আৰু ভাগৱত পাঠ কৰে । সমীপৰ অগণন ভকত বৈষ্ণবৰ অংশ গ্ৰহনেৰে উজ্জীৱিত হৈ পৰা অনুষ্ঠান ভাগিত ধেমাজি কেন্দ্ৰীয় হৰি নাম দলৰ শ্ৰুতিমধুৰ হৰি নামে উপস্থিত ভক্ত বৈষ্ণৱ সকলক আপ্লুত কৰে । নিশালৈ  অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ সভানেত্রী ডেনি ফুকনে । কাইলৈ সন্ধিয়া মণি কাঞ্চন নাট্য গোষ্ঠীৰ সৌজন্যত”দক্ষ যজ্ঞ”  ভাওনা মঞ্চস্থ হব ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.