ঢকুৱাখনাৰ যুৱ সমাৰোহত বিশ্ব বিজয়িনী ক্ৰীড়াবিদ লাভলীনা

0 413

ক্ৰীড়াক জীৱন জীৱিকাৰ সম্বল আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ প্ৰধান মাধ্যম হিচাবে যুৱ প্ৰজন্মৰ মাজত পৰিচিত কৰি দিয়াৰ মানসেৰে মিচিং জাতিয় সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ ব্যতিক্ৰমী প্ৰয়াস যুৱ সমাৰোহ-২০২৩ ।  গ্রামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাধৰ সকলক প্ৰণালীবদ্ধ  আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদান কৰি ক্ৰীড়া ক্ষেত্ৰখনলৈ উলিয়াই  এখন সুকীয়া মঞ্চ প্ৰদানৰ লক্ষ্য উদ্দেশ্যেৰে মিচিং ছাত্ৰ সংগঠনটোৱে অনুষ্ঠিত কৰি আহিছে এই ক্ৰীড়া সমাৰোহ। তাৰেই অংশ হিচাপে দেওবাৰে ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনাৰ বান্দেনাত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই ক্ৰীড়া সমাৰোহ -২০২৩। ঢকুৱাখনা মহকুমাৰ জনগোষ্ঠীয় ক্ৰীড়া প্ৰতিভাধৰ সকলক চিনাক্ত কৰি  উৎসাহিত কৰা এই সমাৰোহৰ দেওবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকে খেলৰত্ন ,অৰ্জুন বঁটা বিজয়ী, বিশ্ব স্বৰ্ণজয়ী  লাভলীনা বৰগোঁহাই । সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি স্বৰ্ণজয়ী লাভলীনা বৰগোঁহাইয়ে বক্তব্যত কয় ক্ৰীড়াৰ জৰিয়তে সমগ্ৰ পৃথিৱী , মানৱ সমাজ আৰু মানুহৰ মন জিনিব পাৰি । ক্ৰীড়াৰ জৰিয়তে নিজৰ সুনিশ্চিত  কেৰিয়াৰ বনাব পাৰি  ,গ্রামাঞ্চলৰ লৰা, ছোৱালীক এখন বিশাল পৃথিৱীৰ সপোন দেখুৱাব পাৰি । যাৰ জৰিয়তে নিজৰ সমাজৰ আৰু দেশৰ  নাম বিশ্বৰ বুকুত উজ্বলাব পাৰি। টাকাম মিচিং পৰিন কৌবাংৰ এই মহান আৰু সময়োপযোগী পদক্ষেপৰ শলাগ লৈ ক্ৰীড়াবিদ গৰাকীয়ে কয় ঢকুৱাখনাবাসীৰ সাদৰ আৰু অতিথ্যত  মই অভিভূত । এই সাদৰ মই কেতিয়াও নাপাহৰো । প্ৰতিকূল বতৰৰ স্বত্তেও ঘৰৰ পৰা ঢকুৱাখনা সমাৰোহথলী পৰ্যন্ত হাজাৰ হাজাৰ মিচিং ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই বাইক গাড়ীৰে আদৰি অনা  সস্নেহ অতিথ্যই মোক বহুত বেছি শক্তি উৎসাহ আৰু প্ৰেৰণা দিয়ে ।যাৰ বাবে অনাগত সময়ত অধিক সাফল্য কঢ়িয়াই আনিবলৈ মই অফুৰন্ত শক্তি অর্জন কৰিম। সমাৰোহ থলীত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত বৰগোঁহাইক উষ্ণ আদৰণি জনাই জাতিয় সংগঠনৰ নেতৃত্বই।বক্তব্যত তেওঁ কয় গাঁৱৰ খেলুৱৈয়ে প্ৰতিভা বিকাশৰ বাবে এখন ভাল মঞ্চ নাপাই , খেলৰ জ্ঞানো সীমিত।এইখিনি আঁতৰাই মিচিং ছাত্ৰ সন্থাই  খেলৰ এখন বিশাল পৃথিৱীৰ সতে চিনাকি কৰি দিব বিচৰা কাৰ্যৰ উচ্চ প্ৰশংসা কৰে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ,অধ্যক্ষ সুনীল পেগু , মিচিং দৃৰবি কৌবাংৰ সভাপতি ,প্ৰশাসনিক বিষয়া অশ্বিনী দলে, প্ৰাক্তন ছাত্ৰ নেতা ,জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং ,একলব্য গাম ,মিচিং জাতিয় সংগঠনৰ সমূহ জিলা নেতৃবৰ্গ উপস্থিত থকা জনাকীৰ্ণ সমাৰোহৰ আদৰণি ভাষণ আগবঢ়াই টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চান পাংগিংয়ে  গ্ৰামাঞ্চলিয় এলেকাৰ প্ৰতিভাবান খেলুৱৈ সকলক প্ৰণালীবদ্ধ প্ৰশিক্ষণ দি জিলা আৰু ৰাজ্যিক স্তৰলৈ আগুৱাই নিয়াত অনাগত সময়ত সংগঠনটোৱে পৰিকল্পিত আঁচনিৰে অগ্ৰসৰ হব বুলি ব্যক্ত কৰে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.