ঢকুৱাখনা মহকুমাত ২৪২০ টা পৰিয়াল বানাক্ৰান্ত -মহকুমা প্ৰশাসনৰ  সাহাৰ্য সামগ্ৰী বিতৰণ অব্যাহত

0 214


সাম্প্ৰতিক বানৰ কালত ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ  অন্তৰ্গত মুঠ ২ হাজাৰ ৪২০ টা পৰিয়াল ব্যাপক হাৰত ক্ষতি গ্ৰস্ত হৈছে।  শুক্ৰবাৰে  মহকুমা প্ৰশাসনৰ পৰা উপলব্ধ তথ্য মতে  মহকুমাটোৰ  মুঠ ১৫ হাজাৰ ৩৫৪ গৰাকী  ব্যক্তি বানত আক্ৰান্ত হৈছে।  বিগত প্ৰায় এপষেক ধৰি এইসকল বানাক্ৰান্ত পৰিয়ালক  মহকুমা প্ৰশাসনৰ জৰিয়তে  মুঠ ২৫৪’৮৩ কুইণ্টল চাউল , ৪৬’০২ কুইণ্টল দাইল , ১৩’৮১৮৬ কুইণ্টল নিমখ , ১৩৮১’৮৬ লিটাৰ মিঠাতেল , ২ হাজাৰ ৪২০ খন টিৰপাল , ৭১৪ কিলোগ্ৰাম শিশু খাদ্য ,৪২৪’৫ কুইণ্টল পশু খাদ্য  বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিছে প্ৰশাসনে । অদ্যপি মহকুমাটোত বিশুদ্ধ খোৱা পানীৰ বাবে নলীনাদৰ  ব্যৱস্থা চৰকাৰী ভাবে গ্ৰহণ কৰা নাই যদিও খোৱা পানীৰ পেকেট বিতৰণ কৰা বুলি  জানিব পৰা গৈছে । তাৰোপৰি বিভিন্ন বান উপদ্ৰুত এলেকাত পশু চিকিৎসা শিবিৰ , স্বাস্থ্য পৰীক্ষা শিবিৰ আদি অনুষ্ঠিত কৰা বুলিও মহকুমা প্ৰশাসনৰ সূত্ৰই জনাইছে। ইপিনে মহকুমা প্ৰশাসনৰ এই ধাৰাবাহিক বান সাহাৰ্য প্ৰদান আঁচনিয়ে আজি পৰ্যন্ত ৰহস্যজনক ভাবে  স্পৰ্শ কৰিব পৰা নাই  সোৱণশিৰী ৰাজহ চক্ৰৰ বালিয়নি গাঁওৰ ২০ তাৰো  অধিক বান বিপৰ্যস্ত  পৰিয়ালক। এইক্ষেত্ৰত মহকুমা প্ৰশাসনৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে বান দুৰ্গত ৰাইজে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.