ঢকুৱাখনা মহাবিদ্যালয়ত “চফ্ট স্কিল” বিষয়ক কৰ্মশালা

0 459

লখিমপুৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ “কেৰিয়াৰ কাউন্সেলিং চেল”ৰ সৌজন্যত আৰু  মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত  “চফ্ট স্কিলচ এণ্ড কমিউনিকেচন স্কিলচ” (Soft Skills and communication skills) বিষয়ক এখন   মনোজ্ঞ কৰ্মশালা সোমবাৰে  মহাবিদ্যালয় প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয়। কৰ্মশালাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ “চফ্ট স্কিল ডেভেলপমেন্ট চেল” ( Skill Development Cell) ৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই সমল ব্যক্তি হিচাবে উপস্থিত থাকি মননশীল আৰু বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে । সাম্প্ৰতিক সময়ত উপৰোক্ত  বিষয় বস্তুৰ প্ৰাসংগিকতা ,প্ৰয়োজনীয়তা আৰু চাহিদাৰ সন্দৰ্ভত তথ্য সহকাৰে বিশ্লেষণ আগবঢ়াই সমলব্যক্তি  দত্তই কয় যে Soft Skill বোৰ হ’ল”গ্ৰীজ” ( grease)  সদৃশ সামগ্ৰী । যিদৰে এই  “গ্ৰীজে” এটা যন্ত্ৰৰ ঘূৰ্ণিয়মান যন্ত্ৰাঙশৰ মাজত ঘৰ্ষণ ( Friction)  হ্ৰাস কৰি যন্ত্ৰটোক সুচাৰুভাৱে কাম কৰাত সহায় কৰে সেইদৰে এজন ব্যক্তিৰ ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত জীৱনতো প্ৰায়ে সৃষ্টি হোৱা বৃত্তিমুখী ঘৰ্ষণক “চফ্ট স্কিল”ৰ অন্তৰ্গত কিটিপবোৰে  হ্ৰাস কৰি এজন ব্যক্তিক সফল, শান্তিপূৰ্ণ আৰু অৰ্থপূৰ্ণ জীৱন যাপনত  অফুৰন্ত সহযোগিতা আগবঢ়াই ।  আনুষ্ঠানিক শিক্ষাই এজন ছাত্ৰক কেৱল চাকৰি পাবৰ বাবেহে উপযুক্ত কৰি তোলে, চাকৰিৰ নিশ্চিতি নিদিয়ে বুলি কৈ সমল ব্যক্তি দত্তই  চাকৰি পাবৰ বাবে তেওঁ সাক্ষাৎকাৰৰ মুখামুখি হোৱাৰে পৰা  চাকৰিত মকৰল হোৱাৰ পিছত এজন কৰ্মচাৰীয়ে নিপুন আৰু সফল সেৱা কেনেকৈ প্ৰদান কৰিব পাৰি তাৰো কৌশল এই  পাঠ্যক্ৰমৰ জৰিয়তে অর্জন কৰি সফলতা অৰ্জনৰ পথ প্ৰশস্ত কৰিব পাৰি বুলি উল্লেখ কৰি দত্তই এই  বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবাঢ়ি যাবলৈ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায়।  ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সুতে উদ্ধোধন কৰা এই কৰ্মশালাৰ আঁ‌ত ধৰে  মহাবিদ্যালয় “কেৰিয়াৰ কাউন্সেলিং চেল”ৰ যুটীয়া সমন্বয়ক অধ্যাপক  পংকজ বৰাই । মহাবিদ্যালয়খনৰ  অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ বিভাৰানী দাসেও চমু বক্তব্য আগবঢ়োৱা কৰ্মশালাত মহাবিদ্যালয়ৰ দুই শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.