ঢকুৱাখনা সদৰ থানাত দেশভক্তি দিৱস পালন

0 285

স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী , দেশভক্ত তৰুণ ৰাম ফুকনৰ পবিত্ৰ মৃত্যু  তিথিৰ সতে সংগতি ৰাখি বৃহস্পতি বাৰে সমগ্ৰ ৰাজ্যখনৰ লগতে ঢকুৱাখনা সদৰ থানাতো দেশভক্তি দিৱস পালন কৰা হয়।ঢকুৱাখনা সদৰ থানা প্ৰাংগনত পুৱা  আৰক্ষী পৰিয়ালৰ লগতে গাঁওৰক্ষী বাহিনী,নেতৃস্থানীয় ৰাইজ ,শিক্ষাৰ্থীৰ উপস্থিতিত দিৱসতো পালন কৰা হয় । থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া ,জ্যেষ্ঠ উপ পৰিদর্শক দীনেশ মেধি , সহকাৰী উপ পৰিদর্শক ছাতিৰাম গয়াৰীকে প্ৰমুখ্য কৰি সমূহ আৰক্ষী,গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত অনুষ্ঠিত দিৱসত দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰি ধূপ,বন্তি প্ৰজ্বলনেৰে  দিৱসৰ শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ে।  পৰৱৰ্তী সময়ত থানাৰ সমূহ বিষয়া, জোৱান আৰু উপস্থিত অভ্যাগত  সকলে  দেশভক্ত গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তৰ্পণ কৰি  সশ্ৰদ্ধ স্মৰণ কৰে।অনুষ্ঠানত দেশভক্ত ফুকনৰ জীৱন আদৰ্শ, আত্মোৎস্বৰ্গী চিন্তা দৰ্শন আৰু সংগ্ৰামী সত্তা সন্দৰ্ভত বক্তব্য আগবঢ়াই দেশভক্ত ফুকনৰ গুণানুকীৰ্তন কৰে আৰক্ষী বিষয়া  নৱজ্যোতি ৰয় আৰু দীনেশ মেধিয়ে ।
নব প্ৰজন্মক প্ৰয়াত ফুকনৰ মাৰ্গ দৰ্শনেৰে অনুপ্ৰাণিত হৈ জীৱনৰ পথত আগুৱাই যোৱাৰ আহ্বান জনাই আৰক্ষী বিষয়াদ্বয়ে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু দিৱসৰ সফল সামৰণি মাৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.