তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি

0 59

সমগ্ৰ ৰাজ্যৰ লগতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ে বন্তি প্ৰজ্বলন কৰি ভাৰত ৰত্ন সন্মানেৰে বিভূষিত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

ভাষণ প্ৰসংগত সঞ্চালকগৰাকীয়ে এই মহান শিল্পীগৰাকীৰ কৰ্মৰাজি বিশেষকৈ তেওঁৰ কালজয়ী গীতসমূহ সম্পৰ্কত অৱলোকন কৰে। তেওঁ কয় যে ভূপেন হাজৰিকাদেৱে অসমৰ মাটি, পানী, সামাজিক প্ৰেক্ষাপট-সমগ্ৰ বিষয় গভীৰভাৱে অধ্যয়ণ কৰি তাৰ আধাৰত গীত ৰচনা কৰিছিল আৰু ৰাজ্যখনৰ সকলো পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ সংগীতেৰেই তেওঁ জনসাধৰণক উৎসাহিত কৰিছিল। তেওঁ আৰু কয় যে শিল্পীগৰাকীয়ে তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া সমাজ জীৱনৰ সপোন, সৌন্দৰ্য্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ কৰ্মৰাজিয়ে আমাক শিপাৰ সতে মিলি সমাজখনক উন্নীত কৰিবলৈ অনুপ্ৰাণিত কৰি যাব।

অনুষ্ঠানত সঞ্চালকালয়ৰ সমূহ বিষয়-কৰ্মচাৰীয়ে শ্ৰদ্ধাঞ্জলি জনাই শিল্পীগৰাকীৰ কেইবাটিও কালজয়ী গীত পৰিৱেশন কৰে। সভাত সাংস্কৃতিক শাখাৰ শিল্পী জুৰি গোস্বামীয়ে সুধাকণ্ঠৰ সোঁৱৰণত ৰচনা কৰা কবিতা এটিও পাঠ কৰা হয়।

Leave A Reply

Your email address will not be published.