আজি আবেলি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা বিনায়ক হোণ্ডাৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কীয় এক কাৰ্যসূচী অনুষ্ঠিত হয়। বিশেষকৈ দুচকীয়া বাহনৰ চালকৰ বাবে হেলমেট পৰিধান কৰাটো কিমান সুৰক্ষিত, সেই সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবেই আজিৰ কাৰ্যসূচী অনুষ্ঠিত হয়। যিসকল চালকে হেলমেট পৰিধান কৰিছে, তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা একোপাহ গোলাপ ফুল আৰু কলম একোটা উপহাৰ হিচাপে প্ৰদান কৰা হয়। যিসকল চালকে হেলমেট পৰিধান কৰা নাই, তেওঁলোকক হেলমেট পৰিধান কৰাটো নিজৰ বাবেই কিমান নিৰাপদ, সেই সম্পৰ্কে সজাগ কৰি দিয়াৰ উপৰি নিয়ম অনুসৰি জৰিমনা বিহা হয়। ছাত্ৰ-ছাত্ৰীসকল যাতে হেলমেট পিন্ধাৰ ক্ষেত্ৰত বিশেষভাৱে সজাগ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় কেবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীকো এই সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱা হয়। আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, উপ-আৰক্ষী অধীক্ষক মণ্টু কুমাৰ বৰা, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অনুপম ডেকা, জিলা পৰিবহণ বিষয়া স্তুতি পৰাশৰ, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া চন্দা সিং, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্ম, বিনায়ক হোণ্ডাৰ সঞ্চালক সঞ্জয় লাখতীয়াৰ উপৰি স্থানীয় কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ