আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান লোৱাৰ কথা আছিল যদিও ৰাজ্যপালগৰাকীৰ বিশেষ অসুবিধাবশতঃ আজিৰ পৰ্যালোচনা বৈঠকখন স্থগিত ৰাখিবলগা হয়। অৱশ্যে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা উন্নয়নমূলক কিছু কামৰ খতিয়ান লয়। জিলা আয়ুক্তগৰাকীয়ে সকলো বিভাগৰ কামবোৰ যাতে নিয়াৰিকৈ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজা নিজাকৈ বিভাগৰ মাজতে পুনৰ কামবোৰৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়। “জনসাধাৰণক সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে দায়িত্ব বুলি জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলক উনুকিয়াই দিয়ে। তেখেতে উদ্যোগ, স্বাস্থ্য, মীন, সমাজকল্যাণ, লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, হস্ততাঁত বস্ত্ৰ, ৰেচম আদি বিভাগৰ বিষয়াসকলৰ উপৰিও একাংশ এন জি অ’ৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হয়। আজিৰ সভাখনত জিলা আয়ুক্তগৰাকীৰ লগতে অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্তদ্বয় হিতেশ বড়ো আৰু কবিতা ফাংছ, বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি একাংশ এন জি অ’ৰ প্ৰতিনিধি উপস্থিত থাকে।
Trending
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে
- ৰয়িঙৰ বলুং গাঁৱত সুধাকণ্ঠৰ এশ বছৰীয়া জন্ম জয়ন্তী উদযাপন-অসম-অৰুণাচলৰ প্ৰেম আৰু ভ্ৰাতৃত্বৰ এনাজৰী- চেলফি পইন্ট উদ্বোধন
- কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত বিশেষ সংখ্যা প্রাগতীর্থ উন্মোচন
- ৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন -শিমলু গছৰ পুলি ৰোপণ আৰু বিতৰণ