আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান লোৱাৰ কথা আছিল যদিও ৰাজ্যপালগৰাকীৰ বিশেষ অসুবিধাবশতঃ আজিৰ পৰ্যালোচনা বৈঠকখন স্থগিত ৰাখিবলগা হয়। অৱশ্যে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা উন্নয়নমূলক কিছু কামৰ খতিয়ান লয়। জিলা আয়ুক্তগৰাকীয়ে সকলো বিভাগৰ কামবোৰ যাতে নিয়াৰিকৈ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজা নিজাকৈ বিভাগৰ মাজতে পুনৰ কামবোৰৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়। “জনসাধাৰণক সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে দায়িত্ব বুলি জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলক উনুকিয়াই দিয়ে। তেখেতে উদ্যোগ, স্বাস্থ্য, মীন, সমাজকল্যাণ, লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, হস্ততাঁত বস্ত্ৰ, ৰেচম আদি বিভাগৰ বিষয়াসকলৰ উপৰিও একাংশ এন জি অ’ৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হয়। আজিৰ সভাখনত জিলা আয়ুক্তগৰাকীৰ লগতে অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্তদ্বয় হিতেশ বড়ো আৰু কবিতা ফাংছ, বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি একাংশ এন জি অ’ৰ প্ৰতিনিধি উপস্থিত থাকে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী