ষ্টেচন সমূহৰ আধুনিকীৰণ আৰু ডিজিটেল সেৱাৰ প্ৰয়োগেৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ তিনিচুকীয়া ৰেলমণ্ডল অন্যতম ৰেলমণ্ডল হিচাপে পৰিগণিত হৈছে। ভাৰতীয় ৰেলৱেত থকা আধুনিক সা সুবিধা সমূহ যেনে অনলাইনত টিকট ক্ৰয় , যাত্ৰী সমূহৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচেঞ্জাৰ হেল্প লাইন নম্বৰ, মুকলি কৈ ৰখা ,ষ্টেচনত এল ই দি বাল্ব আদি ব্যৱহাৰকে আদি কৰি ডিব্ৰুগড় মৰিয়নী ষ্টেচনত ফাষ্ট ফুড ইউনিত আদিৰ ব্যৱস্থাৰে যাত্ৰী সকলক সুবিধা প্ৰদান কৰি আহিছে। ষ্টেচন সমূহ চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰততো মণ্ডল টোৱে বিশেষ ভূমিকা পালন কৰিছে। বৈদ্যুতিক শক্তি সংৰক্ষণৰ ক্ষেত্ৰতো ১০০শতাংশ এল ই দি লাইট ব্যৱহাৰৰে উত্তৰ পূব মণ্ডলৰ ভিতৰতে অভিলেখ গঢ়িব সক্ষম হৈছে।ৰেলযাত্ৰী সকলক সুচল আৰু স্বাস্থ্য সন্মত ভ্ৰমণৰ সুবিধা প্ৰদানত তিনিচুকীয়া ৰেল মণ্ডলে বিশেষ ভূমিকা পালন কৰিছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মাই।
Trending
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ